ভয়ংকৰ খবৰ : খোৱাপানীৰ নামত বৰবিহ সেৱন (We are consuming poison in the name of drinking water!)

0
553
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত খোৱাপানী বৰবিহত পৰিণত হৈছে৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাজ্যখনৰ বহুকেইখন জিলাৰ জনসাধাৰণে বৰবিহস্বৰূপ ফ্ল’ৰাইড আৰু আৰ্ছেনিকযুক্ত পানী খাবলগীয়া হৈছে৷ খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে যে ৰাজ্যখনত মুঠ ১২৪৭টা এনে জনবসতি প্ৰধান অঞ্চল আছে, য’ত আৰ্ছেনিক যুক্ত পানী পোৱা গৈছে৷ একেদৰে ফ্ল’ৰাইডযুক্ত পানী থকা অঞ্চলো আছে ১২টা৷ আনহাতে ৰাজ্যখনত আৰ্ছেনিকযুক্ত পানী থকা অঞ্চলৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ তথ্য অনুসৰি যোৱা ২০১৫ চনৰ ১ এপ্ৰিলত অসমত আৰ্ছেনিক যুক্ত পানী থকা অঞ্চল পোৱা গৈছিল  মাত্ৰ ২৯০টা৷ কিন্তু পাঁচ বছৰতে ৰাজ্যখনত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে এনে অঞ্চলৰ সংখ্যা৷ ইফালে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ মুঠ ৬০২৭খন পানী যোগান আঁচনিৰ ভিতৰত ১৮৩৬খন আঁচনিয়েই বিকল হৈ আছে৷ চৰকাৰৰ অৱহেলাৰ বাবেই বহুকেইখন জিলাত এনে আঁচনিসমূহ বগা হাতীত পৰিণত হৈছে৷ ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক এনে খোৱাপানীৰ আঁচনি বিকল হৈ আছে কামৰূপ (গ্ৰাম্য) জিলাত৷ জিলাখনত বিকল হৈ থকা আঁচনিৰ সংখ্যা হৈছে ৪৮৩খন৷ আনহাতে কাছাৰ জিলাতো বিকল হৈ আছে ২১৯খন আঁচনি৷ আনকি বহুতো পানী যোগান আঁচনি উপযুক্ত চোৱা-চিতাৰ অভাৱত জহি -খহিও গৈছে৷ উল্লেখ্য যে  সমগ্ৰ দেশৰ ভিতৰতে আৰ্ছেনিকযুক্ত পানী পোৱা ৰাজ্যৰ তালিকাত অসমৰ স্থান হৈছে প্ৰথম৷ খোদ কেন্দ্ৰীয় জলশক্তি বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক আৰ্ছেনিকযুক্ত পানী থকা জিলা হৈছে নলবাৰী৷  জিলাখনত যোৱা ফেব্ৰুৱাৰী মাহলৈকে ৪৫৪টা অঞ্চলৰ পানীত আৰ্ছেনিক পোৱা গৈছে৷ আনহাতে বাক্সা জিলাত ৩৪৩টা, বৰপেটাৰ ১৭১টা, দৰঙৰ ১৫টা, ধেমাজিৰ ৪৯টা, ধুবুৰীৰ ৩২টা, যোৰহাটৰ ২৭টা আৰু মাজুলীৰ ১৩৮টা অঞ্চলত মাৰাত্মক আৰ্ছেনিকৰ অৱস্থিতি ধৰা পৰিছে৷ ইফালে বৰবিহ সদৃশ এনে পানী খোৱাৰ ফলত বহুতো মাৰাত্মক ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে ৰাজ্যৰ  হাজাৰ হাজাৰ লোক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here