ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়া হৈ মৃত্যুৰ হাৰ ০.০০২ শতাংশ

0
1276
কেন্দ্ৰীয় চৰকাৰে কয় যে দেশত ২৩.৫ কোটি লোকক কৰ’নাৰ ভেক্‌চিন দিয়া হৈছে৷ কৰ’নাৰ ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়া হৈ মৃত্যু হোৱা লোকৰ হাৰ ০.০০২% বুলি লগতে কোৱা হৈছে৷ উল্লেখ্য যে এটা বাতৰিত দেশত কৰ’নাৰ ভেক্‌চিন লোৱাৰ পাছত ৪৮৮জন লোকৰ মৃত্যু হোৱা আৰু প্ৰায় ২৬ হাজাৰ লোকৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়া হোৱা বুলি কোৱা হৈছিল৷ চৰকাৰে এই বাতৰি অস্বীকাৰ কৰে৷ ভাৰতত কৰ’নাৰ ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়া হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিলে এখন চৰকাৰী কমিটীয়ে৷ কৰ’নাৰ ভেক্‌চিন দিয়াৰ পাছত ইয়াৰ পাশ্বৰ্ক্ৰিয়াৰ অধ্যয়নৰ বাবে গঠন কৰা নেশ্যনেল এডভাৰ্ছ ইভেণ্ট্‌ছ ফল’য়িং ইমিউনাইজেশ্যন কমিটীয়ে কয় যে কৰ’নাৰ ভেক্‌চিন লোৱাৰ পাছত পাশ্বৰ্ক্ৰিয়া হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যু হৈছিল যোৱা ৮ মাৰ্চত৷ কমিটীৰ মতে, ভেক্‌চিন লোৱাৰ পাছত গুৰুতৰৰূপে পাশ্বৰ্ক্ৰিয়া হোৱা ৩১জন লোকৰ ভিতৰত ২৮জনৰ মৃত্যু হয়৷ তিনিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত সুস্থ হৈ উঠে৷ ইয়াৰ ভিতৰত মাত্ৰ এজনৰ ভেক্‌চিনৰ কাৰণে মৃত্যু হয়৷ তেওঁক কভিশ্বিল্ড দিয়া হৈছিল আৰু তাৰ পাছত ৬৮ বছৰীয়া ব্যক্তিজনৰ এলাৰ্জি হৈছিল৷ বাকীকেইজনৰ পাশ্বৰ্ক্ৰিয়া হৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here