ভেক্‌চিনৰ নাটনি : ক’ত ক’ত ভেক্‌চিনেশ্যন প্ৰক্ৰিয়া বন্ধ থাকিব

0
995

১৮ বছৰৰ পৰা ৪৫ বছৰলৈ প্ৰদান কৰিবলগীয়া টিকাকৰণ প্ৰক্ৰিয়া তেতিয়াহে আৰম্ভ হ’ব, যেতিয়া তেওঁলোকৰ ওচৰত অধিক মাত্ৰাত ভেক্‌চিনৰ ড’জ উপলব্ধ হ’ব৷

১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া কভিডৰ টিকাকৰণৰ তৃতীয় পৰ্যায়ৰ সময়ছোৱাতো দেশৰ কিছুসংখ্যক ৰাজ্যত পৰ্যাপ্ত মাত্ৰাত ভেক্‌চিন উপলব্ধ নোহোৱাক লৈ বৰ্তমান ৰাজ্যসমূহ শংকিত হৈ পৰিছে। সেইবাবে ভেক্‌চিনৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণিতে মুম্বাইত তিনিদিনৰ বাবে টিকাকৰণৰ ব্যৱস্থা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ গ্ৰেটাৰ মুম্বাই মিউনিচিপাল কৰ্প’ৰেশ্যনে জনোৱা অনুসৰি, বৰ্তমান তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ কভিডৰ ভেক্‌চিন উপলব্ধ নাই৷ সেই কাৰণে শুকুৰবাৰৰ পৰা তিনি দিনলৈ অৰ্থাৎ ৩০ এপ্ৰিলৰ পৰা ২ মে’পৰ্যন্ত মুম্বাইত টিকাকৰণ অভিযান স্থগিত থাকিব৷ লগতে জনায় যে যেতিয়া তেওঁলোকৰ ওচৰত ভেক্‌চিন উপলব্ধ হ’ব, তেতিয়া মিডিয়া আৰু ছ’চিয়েল মিডিয়াৰ যোগেদি জনসাধাৰণক অতি সোনকালে জনোৱা হ’ব৷ বি এম চিৰ এডিশ্যনেল কমিছনাৰ অশ্বিনী ভিৰেই ভেক্‌চিনেশ্যন সন্দৰ্ভত টুইটযোগে জনায় যে ১৮ বছৰৰ পৰা ৪৫ বছৰলৈ প্ৰদান কৰিবলগীয়া টিকাকৰণ প্ৰক্ৰিয়া তেতিয়াহে আৰম্ভ হ’ব, যেতিয়া তেওঁলোকৰ ওচৰত অধিক মাত্ৰাত ভেক্‌চিনৰ ড’জ উপলব্ধ হ’ব৷ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ উপৰি পঞ্জাব, দিল্লী আৰু তামিলনাডুতো ভেক্‌চিনৰ নাটনিৰ কথা প্ৰকাশ কৰা হৈছে৷ পঞ্জাবৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধুৱে কয় যে ৰাজ্যত ভেক্‌চিনেশ্যনৰ তৃতীয় পৰ্যায় তেতিয়াহে আৰম্ভ হ’ব, যেতিয়া ৰাজ্যত ১০ লাখ ড’জ মজুত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here