ভেক্‌চিনক লৈ GMCH-ৰ আন এক সাফল্য || GMCH’s vaccine success story

0
674
অসমত ইতিমধ্যে ৩ কোটিতকৈ অধিক লোকক ক’ভিড ভেক্‌চিন প্ৰদান কৰা হৈছে৷ আনহাতে ১৪ নৱেম্বৰত কেৱল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে ১ লাখ লোকক ক’ভিড ভেক্‌চিন প্ৰদান কৰাৰ কৃতিত্ব অৰ্জন কৰিছে জি এম চি এইচ কতৃৰ্পক্ষই৷ ৰাজ্যত ক’ভিড ভেক্‌চিন গ্ৰহণ কৰা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আহিছে যদিও এতিয়াও কেইবা লাখ লোকে ভেকি্‌চন লোৱাৰ পৰা বিৰত আছে৷ আনহাতে ভেক্‌চিন নোলোৱাৰ বাবেই ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ৷ কেৱল জি এম চি এইচতে যোৱা তিনি মাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৭১.৫ শতাংশ লোকেই লোৱা নাছিল ক’ভিড ভেক্‌চিন৷ এই তথ্য প্ৰকাশ কৰিছে জি এম চি এইচ কতৃৰ্পক্ষই৷ ক’ভিডৰ দুয়োটা পালি নোলোৱাৰ বাবেই অসমত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে৷ চিকিৎসালয় কতৃৰ্পক্ষই স্পষ্ট কৰিছে যে ভেক্‌চিনৰ দুয়োটা পালি লোৱা লোকৰ মৃত্যুৰ হাৰ তেনেই কম৷ ১৪ নৱেম্বৰত জি এম চি এইচত ১ লাখ ভেকি্‌চন প্ৰদান সম্পূৰ্ণ হয়৷ জয় ব্লেছিংছ নামৰ এগৰাকী মণিপুৰৰ যুৱতীক ১ লাখসংখ্যক ভেক্‌চিনটো প্ৰদান কৰা হয়৷ উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীত জি এম চি এইচৰ পৰা অসমত ভেক্‌চিন প্ৰদান অভিযান আৰম্ভ হৈছিল৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত মেগা ভেক্‌চিনেশ্যন অভিযান অনুষ্ঠিত কৰিবৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে৷ ইতিমধ্যে ঘৰে ঘৰে ভেক্‌চিন প্ৰদান অভিযান অব্যাহত আছে অসমত৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আশাকৰ্মী ঘৰে ঘৰে গৈ ভেক্‌চিন নোলোৱা লোকক ভেক্‌চিন প্ৰদান কৰাৰ প্ৰচেষ্টা চলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here