ভুল নকৰিব: কণীৰ কুহুম অংশ নাখায় নেকি?

0
295
আমাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ পূৰণ কৰিবলৈ কণী খোৱাটো খুবেই প্ৰয়োজন৷ প্ৰ’টিনৰ উৎস কণীৰ বগা অংশত ২৬ গ্ৰাম প্ৰ’টিন, ১২৬ গ্ৰাম কেলৰি, ২ গ্ৰামৰ কম চৰ্বি, ১৩ প্ৰকাৰৰ ভিটামিন, খনিজ আদি থাকে৷ কণীৰ বগা অংশ যে স্বাস্থ্যৰ পক্ষে উত্তম, তাত কোনো সন্দেহ নাই৷ কিন্তু এটা কণীত তেতিয়া পুষ্টিগুণেৰে পৰিপূৰ্ণ খাদ্য পোৱা যায়, যেতিয়া কুহুম-সহিতে কণীটো সম্পূৰ্ণকৈ গ্ৰহণ কৰা হয়৷ কণীৰ পুষ্টিগুণৰ ওপৰত ভিত্তি কৰিহে তাৰ পুষ্টিমানৰ ঘনত্ব হিচাপ কৰা হয়৷ 

(১) নিউট্ৰিচিয়ানৰ মতে এটা কণীৰ কুহুম অংশত পাঁচ গ্ৰাম চৰ্বি আৰু ২১ৰ মিঃলিঃগ্ৰাম কলেষ্টৰেল থাকে৷ এই দুবিধ উপাদানৰ বাবে বহুতে কণীৰ কুহুম খোৱাটো বাদ দিয়ে৷


(২) কণী কুহুমৰ সৈতে নাখালে লুটেইন আৰু জিয়াজানথিন নামৰ দুটা কেৰোটিনয়েড নামৰ উপাদানৰ পৰা আমি বঞ্চিত হওঁ, যি চকুৰ সুস্বাস্থ্যৰ বাবে অত্যন্ত জৰুৰী৷

How to Make the Perfect Hard-Boiled Egg… Even With a Farm-Fresh Egg! – Garden Betty


(৩) কণীৰ কুহুমত কোলিন নামৰ আন এক দৰকাৰী উপাদান পোৱা যায়, যিয়ে স্মৃতিশক্তি বঢ়োৱাৰ লগতে মস্তিষ্ক সক্ৰিয় ৰখাত সহায় কৰে৷


(8) কণীৰ কুহুমত থকা ফোলেইট উপাদানে গৰ্ভস্থ শিশুৰ নিউৰেল টিউবৰ অস্বাভাৱিকতা ৰোধ কৰাত সহায় কৰে৷


(৫) ইয়াৰ উপৰি কণীৰ কুহুমত ভিটামিন-B12, ৰিবোফ্লাবিন, ভিটামিন-A, ভিটামিন-D, ভিটামিন-K আদি পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here