ভুল চিকিৎসাৰ ফলত প্ৰাণ গ’ল মহিলাৰ

0
740
কৰ’না মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়া একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে৷ একাংশই যদি অক্সিজেনক লৈ বেহা কৰিছে, আন একাংশই আকৌ নকল ৰেমডেছিভিৰ যোগানক লৈ আৰম্ভ কৰিছে ব্যৱসায়৷ মুঠতে, এতিয়া দেশৰ জনসাধাৰণ তথা কভিড আক্ৰান্ত ৰোগীসকলে যেন জীৱন-মৃত্যুৰ খেলখন দৈনিক খেলিবলগীয়া হৈছে৷ তেনে সময়তে শেহতীয়াকৈ এজন ভণ্ড চিকিৎসকৰ হাতত এগৰাকী মহিলাই প্ৰাণ ত্যাগ কৰাৰ কথাও পোহৰলৈ আহিছে৷ ভণ্ড চিকিৎসকজনে মহিলা ৰোগীগৰাকীৰ কভিড পৰীক্ষা নকৰাকৈয়ে ১৫টা গ্লুকজৰ বটল মহিলাগৰাকীক প্ৰদান কৰে৷ যাৰ ফলত মহিলাগৰাকীৰ অৱস্থা অধিক শোচনীয় হয় আৰু অৱশেষত মৃত্যু ঘটে৷ এই ঘটনা সংঘটিত হয় গ্ৰেটাৰ নয়ডাৰ জেৱৰ নামৰ অঞ্চলত৷ ৩২ বছৰীয়া মহিলাগৰাকীৰ নাম আলকা বুলি জানিব পৰা গৈছে৷ চিকিৎসালয়ৰ তত্ত্বাৱধায়ক বিষয়া ডাঃ পৱন কুমাৰে ঘটনা সন্দৰ্ভত কয় যে ভণ্ড চিকিৎসকগৰাকীৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে৷ উল্লেখ্য যে জেৱৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়াগৰাকীয়ে আই পি চি ধাৰা যুগুত কৰাৰ বাবে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here