ভুলতো এইকেইবিধ বস্তু একেলগে নাখাব?

0
1149

কিছুমান খাদ্য একেলগে খালে বা একে সময়তে খালে আমাৰ দেহত বিষাক্ত দ্ৰব্য উৎপন্ন হ’ব পাৰে৷ সেই কাৰণে কিছুমান খাদ্য একে সময়ত একেলগে খালে শৰীৰৰ কিমান অনিষ্ট সাধন কৰে, সেই বিষয়ে জনাটো খুবেই জৰুৰী৷ আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি খাদ্য আৰু খোৱাৰ সময় সঠিককৈ পালন কৰিলেহে শৰীৰৰ কাৰণে লাভদায়ক হয়৷

গতিকে কোনবোৰ বস্তু একেলগে খাব নালাগে জানো আহক–

(১) ঘিউ আৰু মৌ একেলগে খাব নালাগে৷ যিহেতু ঘিউ আৰু মৌ দুয়োটাই গৰম দ্ৰব্য, সেয়েহে এই দুবিধ একেলগে সেৱন কৰিলে পেটৰ সমস্যাই দেখা দিব পাৰে৷
(২) মাছ, মাংসৰ লগত নাইবা মাছ, মাংস খাই উঠিয়েই মৌ খাব নালাগে৷ মৌৰ লগত ইয়াৰ সেৱনে শৰীৰত টক্সিনৰ পৰিমাণ বৃদ্ধি কৰে৷ ইয়াৰ ফলত দৃষ্টিহীনতা বা কাণতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে৷
(৩) মৌৰ লগত দৈ কেতিয়াও একেলগে নাখাব৷ ইয়াৰ ফলত গেছ, বদহজম, এলাৰ্জিৰ লগতে ছালৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ উপৰি চেনিৰ লগত মৌ খালেও অমৃতৰ লগত বিহ খোৱাৰ লেখীয়া হয়৷
(৪) মাছৰ লগত জালুক সেৱন কৰিলে শৰীৰৰ নানান সমস্যাই দেখা দিব পাৰে৷
(৫) তিলৰ লগত পালেংশাক খালে ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে৷
(৬) দৈ আৰু অন্য টেঙাজাতীয় ফল একেলগে কেতিয়াও খাব নালাগে৷ এই দুইবিধ সামগ্ৰীত বেলেগ বেলেগ এনজাইম থাকে, যাৰ বাবে দুইবিধ সামগ্ৰী হজম হ’বলৈ কঠিন হয়৷
(৭) কাঁহৰ বাচনত ৰখা ঘিউ সেৱন কৰিব নালাগে৷
(৮) পুৰী বা পৰঠাৰ লগত দৈ খাব নালাগে৷ দৈত থকা এইজাইমে চৰ্বি পচোৱাত জটিলতাৰ সন্মুখীন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here