ভিনেগাৰেৰে ভৰি দুখনৰ যতন কেনেকৈ ল’ব?

0
1247

দৈনন্দিন কৰ্মময় জীৱনত আমি প্ৰায়ে ভৰি দুখনৰ যতনৰ কথা পাহৰি যাওঁ৷ শৰীৰৰ বাকী অংগসমূহৰ তুলনাত ভৰি দুখনক যেন অৱহেলা কৰা হয়৷ কিন্তু তেনে কৰাটো অনুচিত যিহেতু ভৰি দুখনেই আমাৰ গোটেই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি থাকে৷ সেয়েহে  ভৰি দুখনৰ সঠিক পৰিচৰ্যা কৰাটো জৰুৰী৷ জোতা পিন্ধা লোকৰ তুলনাত ছেণ্ডেল পিন্ধা লোকৰ ভৰিৰ সমস্যা অধিক হয়৷ ছেণ্ডেল পৰিধান কৰি বাহিৰলৈ যোৱাৰ ফলত বাহিৰৰ ধূলি-বালিয়ে ভৰি দুখনক সহজে আক্ৰমণ কৰি খজুৱতি-জ্বলা ফুটা আদিৰ দৰে সমস্যাৰ সৃষ্টি কৰে আৰু তেতিয়াহে আমাৰ ভৰি দুখনৰ যতনৰ কথা মনলৈ আহে৷ আপুনিও আপোনাৰ ভৰি দুখনক লৈ অৱহেলা কৰে নেকি? তেন্তে সময় থাকোঁতে ইয়াৰ পৰিচৰ্যা কৰক৷ অতি কম সময়তে আপুনি ভিনেগাৰ আৰু পানীৰে আপোনাৰ ভৰি দুখনৰ পেডিকিয়ৰ কৰিব পাৰে৷ ইয়াৰ বাবে এটা বাল্টিত গৰম পানী লৈ তাত অলপ ভিনেগাৰ মিশ্ৰণ কৰি ভৰি দুখন ১০-২০ মিনিট সময় জুবুৰিয়াই ৰাখিব লাগে৷ এনেদৰে দৈনিক কৰিলে ভৰিৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ভিনেগাৰক কেনেকৈ ভৰি দুখনৰ যতন লোৱাত ব্যৱহাৰ কৰিব জানো আহক–

(১) এগজিমা হৈছে ভৰিৰ সাধাৰণতে হোৱা ফাংগেল ইনফেকশ্যন৷ যি প্ৰধানতঃ ভৰিৰ তলুৱা বা ফাঁকত হয়৷ ছুইমিং পুলত অধিক সময় কটোৱাৰ লগতে খালী ভৰিৰে খোজ কাঢ়ি থকাৰ ফলতো এই সমস্যাই দেখা দিব পাৰে৷ এই ইনফেকশ্যন হ’লে আক্ৰান্ত অংশত খজুৱতি হয়, উখহি উঠে লগতে ঠাইডোখৰৰ আদ্ৰৰ্তা নাইকিয়া হয়৷ এনেকুৱা সমস্যাত ভিনেগাৰে মহৌষধৰ দৰে কাম কৰে৷ ইয়াত থকা এণ্টিফাংগেল উপাদানে ভৰিৰ ফাংগেল ইনফেকশ্যন দূৰ কৰাত সহায় কৰে৷


(২) গাৰ দুৰ্গন্ধৰ লগতে ভৰিৰ দুৰ্গন্ধয়ো আপোনাৰ ব্যক্তিত্বত আঘাত হানিব পাৰে৷ সাধাৰণতে জোতা পিন্ধি থকাৰ ফলত ভৰিৰ পৰা ওলোৱা ঘাম আৰু বেক্টেৰিয়াৰ সংমিশ্ৰণে হৈছে ভৰিৰ দুৰ্গন্ধ ওলোৱাৰ মুখ্য কাৰক৷ ইয়াৰ বাবে ভিনেগাৰৰ পানীৰে ভৰি দুখন পৰিষ্কাৰ কৰিলে এই দুৰ্গন্ধ আঁতৰ হয়৷


(৩) ভৰিৰ আদ্ৰৰ্তা নোহোৱা হ’লে গোৰোহা ফটাৰ লগতে ভৰিৰ বিষো অনুভৱ হয়৷ ভিনেগাৰত থকা এচিডিটিয়ে শুকান ভৰিক মসৃণতা প্ৰদান কৰাত সহায় কৰে৷ ইয়াৰ বাবে ওপৰত উল্লিখিত নিয়সমূহ মানি চলিলে সুফল পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here