ভিটামিন-D-ৰ অভাৱ হ’লে কেনেকৈ জানিব? How to identify vitamin D deficiency?

0
545
সুস্থভাৱে বাচি থাকিবলৈ শৰীৰত ভিটামিন-D-ৰ প্ৰয়োজন অনস্বীকাৰ্য৷ আমি জানো যে সূৰ্যৰ পোহৰৰ পৰা প্ৰচুৰ পৰিমাণে ভিটামিন-D পোৱা যায়৷ সেয়েহে সূৰ্যক ভিটামিন-D-ৰ মূল উৎস বুলি কোৱা হয়৷ বেছিভাগে আমাৰ শৰীৰত ভিটামিন আৰু খনিজৰ গুৰুত্ব কিমান তাক বুজি নাপায়৷ কিন্তু শৰীৰত যদি ভিটামিন বা খনিজৰ অতিৰিক্ত পৰিমাণ কমে, শৰীৰে সেইটোৰ ইংগিত দিয়ে আৰু দেহত হঠাতে পৰিৱৰ্তন হয় বা বেথা-যন্ত্ৰণা হ’বলৈ আৰম্ভ কৰে৷
Vitamin D Deficiency: Symptoms & Treatment
  • মূলতঃ হাড় ভালে ৰখা, মানসিক অস্থিৰতা কম কৰিবলৈ আৰু সামগ্ৰিকভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ ভিটামিন-D-ৰ ভূমিকা অপৰিসীম৷
  • পৰ্যাপ্ত মাত্ৰাত ভিটামিন-D থাকিলে শৰীৰে কেলচিয়াম আৰু ফচফৰাছজাতীয় উপাদান গ্ৰহণ কৰাত সুবিধা হয়৷ ই হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷
  • মানসিক চাপ, উদ্বেগ, মেজাজ আদি কমোৱাত ভিটামিন-D-এ যথেষ্ট কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে
Vitamin D | Farringdon Osteopaths
  • ভিটামিন-D-ৰ উপকাৰিতা বহুত আছে, সেয়ে ভিটামিন-D শৰীৰত কমি গ’লে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে৷ বিশেষকৈ শীতকালত৷ কিয়নো অত্যন্ত শীতত কুঁৱলীৰ আচ্ছাদনৰ বাবে সূৰ্যৰ পৰা ৰ’দ নোপোৱাৰ ফলত পৰ্যাপ্ত পৰিমাণে ভিটামিন-D পোৱাত বাধাগ্ৰস্ত হয়৷
  • যিসকলে ভিটামিন-Dৰ অভাৱত ভোগে, তেওঁলোকৰ ক্ষেত্ৰত ক্লান্তি, ভাগৰ, শৰীৰৰ দুৰ্বলতা আদি অনুভৱ হয়৷
  • প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ভিটামিন-D-ৰ অভাৱ হ’লে হাড়ৰ সমস্যা বা অষ্টিঅ’মাৱাছিয়া আদিয়ে দেখা দিব পাৰে৷
    আপুনি তেজ পৰীক্ষাৰ জৰিয়তে শৰীৰত ভিটামিন-D-ৰ অভাৱ নিৰ্ণয় কৰিব পাৰে৷ সাধাৰণতে দুই ধৰণৰ পৰীক্ষাৰ দ্বাৰা ভিটামিন-D নিৰ্ণয় কৰিব পাৰি৷ সকলোতকৈ সাধাৰণ পৰীক্ষা হিচাপে ২৫-হাইড্ৰ’ক্সিভিটামিন-D, যাক সংক্ষেপে (২৫ অ’এইচ) ডি বুলি কোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here