Home Daily news ভাৰতৰ বৈচিত্ৰ্যই জনতাকশক্তিশালী আৰু ঐক্যবদ্ধ কৰে : মোদী

ভাৰতৰ বৈচিত্ৰ্যই জনতাকশক্তিশালী আৰু ঐক্যবদ্ধ কৰে : মোদী

ভাৰতৰ বৈচিত্ৰ্যক গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে’ত তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত কয় যে ভাৰত বহু ভাষা, লিপি আৰু উপ-ভাষা বা দোৱানৰ সমৃদ্ধ ভাণ্ডাৰ৷ বিভিন্ন অঞ্চলৰ বিভিন্ন পোছাক, খাদ্য আৰু সংস্কৃতি আমাৰ উল্লেখযোগ্য দিশ৷ এখন দেশ হিচাপে এই বৈচিত্ৰ্যই আমাক শক্তিশালী আৰু ঐক্যবদ্ধ কৰে,– তেওঁ কয়৷ 
এই সন্দৰ্ভত তেওঁ কৰ্ণাটকৰ কল্পনা নামৰ ছাত্ৰী এগৰাকীয়ে তিনি মাহত কানাড়া ভাষা শিকি দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু পশ্চিম বংগৰ শ্ৰীপতি টুডু নামৰ চাওঁতালী ভাষাৰ এজন শিক্ষকৰ উদাহৰণ দিয়ে৷ টুডুৱে চাওঁতালী সম্প্ৰদায়ৰ বাবে অল চিকি লিপিত ভাৰতৰ সংবিধানখন লিখি উলিয়ায়৷ মোদীয়ে কয় যে এইটো এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ এটা জীৱন্ত উদাহৰণ৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ বক্তৃতা আৰম্ভ কৰে
 ইউনিকৰ্নৰ কথাৰে৷ ভাৰতত ইউনিকৰ্নৰ সংখ্যা এই মাহত ১০০টা হ’ল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আনকি কভিড মহামাৰীৰ সময়তো ভাৰতীয় ষ্টাৰ্টআপ্‌বোৰে সম্পদ আৰু মূল্য সৃষ্টি কৰিলে আৰু সৰু সৰু মহানগৰ আৰু নগৰবোৰৰ পৰাও উদ্যোগী ওলাইছে৷ 
ইয়াৰ অৰ্থ হ’ল যে আন্তঃৰাষ্ট্ৰীয় মহামাৰীৰ সময়তো আমাৰ ষ্টাৰ্টআপবোৰে সম্পদ আৰু মূল্যৰ সৃষ্টি কৰিছে৷ মোদীয়ে কয় যে ই-কমাৰ্চ, ফিন-টেক্‌ আৰু বায়’-টেকৰ দৰে বহু ক্ষেত্ৰত এই ইউনিকৰ্নবোৰে কাম কৰিছে৷ ভাৰতৰ ষ্টাৰ্টআপ্‌ ইক’ছিষ্টেম কেৱল ডাঙৰ মহানগৰসমূহতে সীমিত হৈ থকা নাই, সৰু সৰু মহানগৰ আৰু নগৰবোৰতো উদ্যোগী ওলাইছে৷ 
এই কথাই সূচায় যে ভাৰতত উদ্ভাৱনী ধাৰণা থকাসকলে সম্পদ সৃষ্টি কৰিব পাৰে৷ প্ৰধানমন্ত্ৰীয়ে অহা ২১ জুনত হ’বলগীয়া অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয় ‘মানৱ জাতিৰ বাবে যোগ’ আৰু সকলোকে উৎসাহেৰে যোগ দিৱস পালন কৰিবলৈ আহ্বান জনায়৷ তেওঁ আৰু কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱত আমি দায়িত্বৰ পথত আগবাঢ়ি দেশক শক্তিশালী কৰাৰ পণ লোৱা উচিত৷ তদুপৰি প্ৰধানমন্ত্ৰীয়ে তীৰ্থস্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈও আহ্বান জনায়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...