ভাৰতৰ কোৰোনা সংবাদ

0
1739

২৮ অাগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ নমুনা সংগ্ৰহৰ হাৰ যিমানে বৃদ্ধি কৰা হৈছে, ক’ৰোনাত আক্ৰান্তৰ সংখ্যাও তদ্ৰূপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত ভাৰতত ৯,২৪,৯৮৮ টা নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে ৭৭,২৬৬  টা নমুনা প’জিটিভ ধৰা পৰে। সংক্ৰমণৰ হাৰ হয় ৮.১৯%।

যোৱা ২৪ ঘণ্টাত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা ৫৬,০১৩ গৰাকী। ইয়াকে ধৰি ভাৰতবৰ্ষত এতিয়ালৈ ক’ৰোনাৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ২৫,২৩,৭৭১ গৰাকী।

যোৱা ২৪ ঘণ্টাত ক’ৰোনাক্ৰান্ত হৈ মৃত্যু হয় ১,০৫৭ গৰাকীৰ। ইয়াকে ধৰি এতিয়ালৈ ভাৰতবৰ্ষত ক’ৰোনাক্ৰান্ত হৈ মৃত্যুৰ ওচৰত হাৰ মনা লোকৰ সংখ্যা ৬০,৮৭২ গৰাকী হৈছেগৈ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here