ভাৰতে বছৰি নষ্ট কৰা খাদ্যৰ পৰিমাণ কিমান জানেনে?

0
1737

শেহতীয়াভাৱে লাভ কৰা এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে ভাৰতে বছৰি নষ্ট কৰা খাদ্যৰ পৰিমাণ জানিলে আপুনি মূক হৈ পৰিব৷ ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনত সমগ্ৰ পৃথিৱীত প্ৰায় ৯৩১ মিলিয়ন অৰ্থাৎ ৯৩ কোটি ১০ লাখ টন খাদ্য নষ্ট কৰা হৈছিল৷ সেইখিনি যদি ৪০ টন বস্তু কঢ়িয়াব পৰা ২ কোটি ৩০ লাখখন ট্ৰাকত লগালগিকৈ বোজাই কৰি দিয়া হয়, তেন্তে পৃথিৱীখন সাত পাক মাৰিব পৰা হ’ব৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত বছৰি প্ৰায় ৬৮.৭ মিলিয়ন অৰ্থাৎ ৬ কোটি ৮৭ লাখ টন খাদ্য নষ্ট কৰা হয়৷ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী চমুকৈ ইউ এন ই পি আৰু ইয়াৰ অংশীদাৰৰ সংগঠন ডব্লিউ আৰ এ পিয়ে প্ৰকাশ কৰা ‘দ্য ফুড ৱেষ্ট ইনডেক্স ৰিপ’ৰ্ট ২০২১’ত কোৱা হৈছে যে ২০১৯ চনত পৃথিৱীত নষ্ট কৰা ৯৩ কোটি ১০ লাখ টন খাদ্যৰ ভিতৰত ৬১ শতাংশ মানুহৰ ঘৰত, ২৬ শতাংশ ফুড ছাৰ্ভিচত আৰু ১৩ শতাংশ খুচুৰা বিক্ৰীত নষ্ট হয়৷ অৰ্থাৎ পৃথিৱীত যিমান খাদ্য উৎপাদন হয় তাৰ ১৭ শতাংশ সেই বছৰ নষ্ট হৈছিল৷ প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত প্ৰতিবছৰে জনমূৰি ৫০ কিল’গ্ৰাম বা এবছৰত ৬ কোটি ৮৭ লাখ ৬০ হাজাৰ ১৬৩ টন খাদ্য নষ্ট কৰা হয়৷ আমেৰিকাত প্ৰতিবছৰে জনমূৰি ৫৯ কিল’গ্ৰাম বা এবছৰত ১ কোটি ৯৩ লাখ ৯ হাজাৰ ৯৫১ টন, চীনত প্ৰতিবছৰে জনমূৰি ৬৪ কিল’গ্ৰাম বা এবছৰত ৯ কোটি ১৬ লাখ ২১৩ টন খাদ্য নষ্ট কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here