ভাৰতীয়ই গুগ্‌লত সকলোতকৈ কি বেছি ছাৰ্চ কৰিছে

0
64

২০২৪-ত শৰ বিভিন্ন ক্ষেত্ৰত হোৱা বিভিন্ন পৰিৱৰ্তন, ঘটনা-পৰিঘটনাৰে ২০২৪ চনে বিদায় লৈ এটা নতুন বছৰেৰে আৰম্ভ হ’ল৷ বাগৰি যোৱা বছৰটো দেশৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি ক্ষেত্ৰত পৰিৱৰ্তন ঘটিল৷ বিভিন্ন ক্ষেত্ৰত হোৱাৰ উত্থান-পতন তথা প্ৰগতিৰ লগতে ভাৰতীয়ৰ ৰুচি- অভিৰুচি সম্পৰ্কেও তথা প্ৰকাশিত হয়৷ এই ক্ষেত্ৰত গুগ্‌লে প্ৰতিবছৰৰ দৰে এইবাৰো এখন তালিকা প্ৰকাশ কৰিছে৷ যি তালিকাত দেশৰ নাগৰিকে কোনটো বিষয় লৈ গুগলত সকলোতকৈ বেছি ছাৰ্চ কৰিছে, সেই সম্পৰ্কে বিশদভাৱে তথ্য আগবঢ়াইছে৷ গুগ্‌লে দেশৰ জনসাধাৰণতে বিদায় লোৱা বছৰটোত কি কি বিষয়ত বেছি ছাৰ্চ কৰিছে তাৰ এখন তালিকাত প্ৰকাশ কৰি উলিয়াইছে৷ সেই সম্পৰ্কে কিছু আভাস লোৱাৰ চেষ্টা কৰোঁ আহক৷ ২০২৪ চনত গুগ্‌লত টপ ছাৰ্চৰ ক্ষেত্ৰত ৰাজনীতি নহয়, এইবাৰ শীৰ্ষ স্থানত ৰৈছে খেলা-ধূলাই৷ ২০২৪ চনত গুগ্‌লত সকলোতকৈ বেছি ছাৰ্চ হৈছে আই পি এল খেলক লৈ৷ ক্ৰিকেটাৰসকলৰ পাৰফৰমেঞ্চৰ পৰা আৰম্ভ কৰি মেচ ৰিপ’ৰ্টলৈকে গুগ্‌লত আই পি এলৰ সকলোখিনিলৈকে দেশবাসীৰ বেছি আগ্ৰহী হোৱা পৰিলক্ষিত হয়৷ ২০২৪ চনত গুগ্‌ল ছাৰ্চৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে টি-২০ ৱৰ্ল্ড কাপ৷ উল্লেখ্য যে ২০০৭ চনৰ পাছত এই প্ৰথম টি-২০ ৱৰ্ল্ড কাপ ভাৰতে হস্তগত কৰিবলৈ সক্ষম হয়৷ আনহাতে গুগ্‌ল ছাৰ্চত তৃতীয় স্থান দখল কৰে ভাৰতীয় জনতা পাৰ্টি বা বিজেপি দলে৷ ২-২৪ চনত লোক সবাৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু বিজেপিৰ নেতৃত্বত দিল্লীত পুনৰ এন ডি এ চৰকাৰে দেশ শাসন কৰিবলৈ সুবিধা পায়৷ এই নিৰ্বাচন সম্পৰ্কীয় তথ্য চাবৰ বাবে কোন ৰাজ্যত বিজেপিয়ে কেনেধৰণৰ ফল লাভ কৰিলে আদি জানিবলৈ ঘনাই গুগ্‌লত ছাৰ্চ কৰাৰ তথা সদৰী হয়৷ গুগ্‌ল ছাৰ্চৰ ক্ষেত্ৰত চতুৰ্থ স্থানত থাকে লোক সভাৰ নিৰ্বাচনৰ ফলাফল৷ সাৰ্বিক ফলাফল আৰু দল ভিত্তিক লোক সভাৰ নিৰ্বাচনৰ ফলাফল জানিবলৈ বহু লোকে গুগ্‌লত ছাৰ্চ কৰে৷ আনহাতে গুগ্‌লত পেৰিছ অলিম্পিকক লৈও প্ৰচুৰ ছাৰ্চ কৰা হয়৷ গুগ্‌লত ২০২৪ চনত লক্ষ লক্ষ ভাৰতীয়ই দেশত অত্যধিক গৰমৰ কাৰণ জানিবলৈও ছাৰ্চ কৰা পৰিলক্ষিত হয়৷ বিশ্ব উষ্ণায়ণৰ পৰা আৰম্ভ কৰি কি ইমান গৰম পৰিছে, কেতিয়ালৈকে গৰমৰ প্ৰখৰতা কমিব এইবোৰৰ উত্তৰ জানিবলৈ গুগ্‌লত ছাৰ্চ কৰা দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here