ভাৰতত সংহাৰী ৰূপ লোৱাৰ দিশে কৰ’নাৰ সংক্ৰমণ

0
2105

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্যৰ পৰা এই আশংকা কৰা হৈছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে, চলিত মাহৰ দ্বিতীয় সপ্তাহত দেশত এক লাখতকৈও অধিক লোকৰ নতুনকৈ কৰ’নাৰ সংক্ৰমণ হৈছে৷ এনে অৱস্থাত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৰ সৃষ্টি হ’ব পাৰে বুলি শংকা কৰিছে৷ চলিত মাহত এইপৰ্যন্ত ৯৮,০৪৭জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি যোৱা ১২ মাৰ্চত দেশত মুঠ ২৩,২৮৫জন লোকৰ সংক্ৰমণ হয়৷ ই হ’ল যোৱা ৭৮ দিনৰ ভিতৰত সৰ্বাধিক সংখ্যা৷ ইয়াৰে ৮৫ শতাংশ লোক হ’ল মহাৰাষ্ট্ৰৰ৷ এই ৰোগত আক্ৰান্ত হৈ যোৱা ১২ মাৰ্চত দেশত মুঠ ১১৭জন লোকৰ মৃত্যু হৈছে৷ মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ১৪৩১৭জন লোক কৰ’নাত নতুনকৈ আক্ৰান্ত হয়৷ ইয়াৰে ২৮১১জন পুনেত, ২১৫০জন নাগপুৰত, আৰু মুম্বাইত ১৫০৯জন লোকৰ নতুনকৈ সংক্ৰমণ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here