ভাৰতত লিংগ অসমতা এতিয়াও অপৰিৱৰ্তিত

0
2661

চাকৰি কৰা ৮৫ শতাংশ ভাৰতীয় মহিলাই বিশ্বাস কৰে যে তেওঁলোকৰ লিংগৰ কাৰণে তেওঁলোকৰ দৰমহা বৃদ্ধি নহয় আৰু পদোন্নতি নাপায়৷ ‘লিংক্‌ডইন’ৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ কৰ্মজীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত থকা সুযোগবোৰত তেওঁলোকে কিয় অসন্তুষ্ট, সেই বিষয়ে মহিলাসকলে তেওঁলোকৰ মতামত দিয়ে আৰু যুক্তি দৰ্শায়৷ প্ৰতি পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকীয়ে অৰ্থাৎ ২০ শতাংশই কয় যে তেওঁলোকৰ কোম্পানীবোৰে চাকৰিজীৱী পুৰুষসকলৰ প্ৰতি ‘অনুকূল পক্ষপাতিত্ব’ দেখুৱায়৷ যদিও ৬৬ শতাংশ চাকৰিজীৱী লোকে বিশ্বাস কৰে যে ভাৰতত লিংগ সমতা উন্নত হৈছে, কৰ্মৰত মহিলাসকল কিন্তু এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশবোৰত এতিয়াও লিংগ বৈষম্যৰ সন্মুখীন হয়৷ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত লিংক্‌ডইনে ‘অপৰচুনিটি ইনডেক্স ২০২১’ শীৰ্ষক প্ৰতিবেদনখন মুকলি কৰে৷ প্ৰতিবেদনখনত সুযোগ-সুবিধা সম্পৰ্কে মানুহৰ ধাৰণা কি আৰু সেইবোৰত উপনীত হোৱাৰ ক্ষেত্ৰত দেখা দিয়া বাধাবোৰৰ বিষয়ে বুজিবলৈ চেষ্টা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here