ভাৰতত যোৱা সপ্তাহত সংক্ৰমণ ১৩% হ্ৰাস

0
2536

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ কয় যে ভাৰতত যোৱা সপ্তাহটোত নতুনকৈ কভিড-১৯ৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১৩% কমিছে যদিও নতুনকৈ সংক্ৰমণ হোৱা লোকৰ সংখ্যা সমগ্ৰ পৃথিৱীৰ ভিতৰত এতিয়াও বেছি হৈ আছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰীয় কতৃৰ্পক্ষসমূহৰ পৰা ১৬ মে’পৰ্যন্ত পোৱা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা ‘কভিড-১৯ উইক্‌লি এপিডেমিঅ’লজিকেল আপ্‌ডেট ডাটা’ মতে, যোৱা সপ্তাহটোত বিশ্বত নতুন সংক্ৰমণ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা কমিছে৷ নতুনকৈ মাত্ৰ ৪৮ লাখৰ অলপ বেছি লোকৰ সংক্ৰমণ হয় আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬ হাজাৰতকৈ কম হয়৷ তাৰ আগৰটো সপ্তাহৰ তুলনাত ক্ৰমে ১২% আৰু ৫% কমে৷ বিশ্ব স্বাস্থ্য সংস্থাই কয় যে যোৱা সপ্তাহটোত আটাইতকৈ বেছি লোকৰ সংক্ৰমণ হয় ভাৰতত; এই সংখ্যা আছিল ২৩ লাখ ৮৭ হাজাৰ ৬৬৩৷ দেশত কৰ’নাৰ সংক্ৰমণ যোৱা সপ্তাহটোত পূৰ্বৰ সপ্তাহটোতকৈ ১৩ শতাংশ হ্ৰাস পায়৷ ভাৰতৰ পাছতে আটাইতকৈ বেছি লোকৰ সংক্ৰমণ হয় ব্ৰাজিলত৷ ইয়াত ৪ লাখ ৩৭ হাজাৰ লোক সংক্ৰমিত হয়৷  তাৰ পাছতে আমেৰিকাত সংক্ৰমণ হয় ২ লাখ ৩৫ হাজাৰ ৬৩৮জনৰ৷ আমেৰিকাত কভিড সংক্ৰমণৰ হাৰ ২১% লৈ হ্ৰাস পায়৷ সেইদৰে ভাৰতত (২৭,৯২২) আটাইতকৈ বেছি মানুহৰ মৃত্যু হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here