ভাৰতত ভেক্‌চিনৰ পালিৰ সংখ্যা ৪৭ কোটি অতিক্ৰম

0
1746
দেশত দিয়া মুঠ ভেক্‌চিনৰ পালিৰ সংখ্যাও ৪৭ কোটি পাৰ হ’ল৷ ই হৈছে বিশ্বৰ ভিতৰত দ্বিতীয় সর্বাধিক৷ প্ৰথম স্থানত আছে চীন৷ ভাৰতত এতিয়ালৈকে ১০.২ কোটিতকৈ অধিক লোকক দুয়ো পালি ভেক্‌চিন দিয়া হৈছে৷ বছৰৰ শেষলৈ দেশৰ প্ৰায় প্ৰতিজনকে টিকাকৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে ভাৰতে ২১ জুনত টিকাকৰণ অভিযান দ্ৰুত কৰিছিল৷ ২১ জুনৰ দিনাই দেশত ৮৭.২৯ লাখ লোকক ভেক্‌চিন দিয়া হৈছিল৷ কিন্তু দৈনিক দিয়া ভেক্‌চিনৰ সংখ্যা কেতিয়াবা কম, কেতিয়াবা বেছি হ’বলৈ ধৰিলে৷ জুলাইৰ তৃতীয় সপ্তাহত ভেক্‌চিনৰ সংখ্যা অতি কমিল৷ আশংকা কৰা হৈছিল যে জুলাইত চৰকাৰে লক্ষ্যত উপনীত হ’ব নোৱাৰিব৷ কিন্তু শেষৰ ছদিনত গড়ে ৫৮ লাখ পালিকৈ ভেক্‌চিন দিয়া হ’ল আৰু জুলাইৰ শেষৰ দিনটোৰ সৈতে যোগ কৰি মাহটোৰ ১৩.৪৫ কোটিৰ লক্ষ্যত উপনীত হ’ল৷ বহুদিন ধৰি টিকাকৰণত মহাৰাষ্ট্ৰ আগবাঢ়ি আছিল, কিন্তু শেষৰ কেইটামান দিন উত্তৰ প্ৰদেশ আগবাঢ়ি গ’ল৷ উত্তৰ প্ৰদেশে ৪.৮৪ কোটি পালি ভেক্‌চিন দিলে৷ অৱশ্যে মহাৰাষ্ট্ৰই উত্তৰ প্ৰদেশতকৈ কম ভেক্‌চিন দিলেও (৪.৪৫ পালি) দুয়োপালি দিয়াৰ লেখত আগত আছে৷ ৰাজ্যখনত ১ কোটি লোকক দুয়োপালি ভেক্‌চিন দিয়া হৈছে৷ ইয়াৰ পাছতে আছে পশ্চিম বংগ আৰু গুজৰাট৷ আনহাতে বিশ্বত এতিয়ালৈকে চীনে ১৬০ কোটি পালি, আমেৰিকাই ৩৪ কোটি পালি আৰু ব্ৰাজিলে ১৪ কোটি পালি ভেক্‌চিন দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here