ভাৰতত ভেক্‌চিনৰ দাম বিশ্বৰ ভিতৰতে সৰ্বাধিক

0
942

ভাৰতৰ ব্যক্তিগত খণ্ডত দিয়া কৰ’নাৰ ভেক্‌চিনৰ দাম বিশ্বৰ ভিতৰতে সৰ্বাধিক৷ উল্লেখ্য যে ব্যক্তিগত খণ্ডত প্ৰথমে প্ৰতিটো ড’জত আঢ়ৈশ টকাত ভেক্‌চিন দিয়া হৈছিল৷ এতিয়া ইয়াৰ দাম ছয় গুণপৰ্যন্ত বৃদ্ধি পাইছে৷ ছিৰাম ইন্‌ষ্টিটিউটে উৎপাদন কৰা কভিশ্বিল্ডৰ দাম প্ৰতিটো ড’জত ৭০০-৯০০ টকা৷ আনহাতে ভাৰত বায়’টেকে উৎপাদন কৰা কভেক্সিনৰ প্ৰতিটো ড’জৰ দাম ১২৫০-১৫০০ টকাৰ ভিতৰত৷ ভাৰতত কৰ’নাৰ ভেক্‌চিনৰ দাম বিশ্বৰ ভালেমান দেশতকৈ অধিক৷ দেশখনত কভিশ্বিল্ডৰ প্ৰতিটো ড’জৰ বাবে ১২ ডলাৰ আৰু কভেক্সিনৰ প্ৰতিটো ড’জৰ বাবে ১৭ ডলাৰকৈ দিব লগা হৈছে৷ ইফালে কোম্পানীৰ পৰা ভেক্‌চিন ক্ৰয় কৰাৰ পাছত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ১০০ টকা অতিৰিক্তভাৱে লোৱাৰ অনুমতি দিয়া হৈছে, কিন্তু ভালেমান চিকিৎসালয়ে ২৫০-৩০০ টকাপৰ্যন্ত মাচুল লোৱা দেখা গৈছে৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভেক্‌চিনত জি এছ টি দিয়াৰ লগতে পৰিবহণ ব্যয় আৰু ৫-৬% নষ্ট হোৱা ভেক্‌চিনৰ ব্যয় বহন কৰিব লগা হয়৷ ইয়াৰ লগতে হেণ্ড ছেনিটাইজাৰ পি পি ই কিট তথা টিকাকৰণ কৰোঁতে কৰ্মচাৰীৰ বাবত হোৱা ব্যয়ো ধৰা হয় আৰু সেয়েহে দাম বৃদ্ধি পায় বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here