ভাৰতত ব্ৰিটেইনৰ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমণ হোৱা লোকৰ সংখ্যা যোৱা এমাহত প্ৰায় ৫০ শতাংশ হ্ৰাস

0
2007

ভাৰতত কভিড-১৯ৰ সংহাৰ অব্যাহত থকাৰ সময়তে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ চমুকৈ এন চি ডি চি-এ প্ৰকাশ কৰা মতে ভাৰতৰ বিভিন্ন অংশত ভিন্ন ধৰণৰ ভেৰিয়েণ্টে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ এন চি ডি চিৰ সঞ্চালক সুজিত সিঙে জনোৱা মতে, উত্তৰ ভাৰতত সৰ্বাধিকসংখ্যক লোক সংক্ৰমিত হৈছে ব্ৰিটেইনৰ ভেৰিয়েণ্টৰ দ্বাৰা৷ আনহাতে ডাবল মিউটেণ্ট, অৰ্থাৎ ভাৰতীয় ভেৰিয়েণ্টে পশ্চিম বংগ, মহাৰাষ্ট্ৰ, গুজৰাটকে ধৰি পশ্চিমৰ ৰাজ্যসমূহত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে ভাৰতত ব্ৰিটেইনৰ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমণ হোৱা লোকৰ সংখ্যা যোৱা এমাহত প্ৰায় ৫০% হ্ৰাস পাইছে বুলি তেওঁ কয়৷ তেওঁ কয় যে ব্ৰিটেইনৰ ভেৰিয়েণ্ট পঞ্জাব, দিল্লীসহ উত্তৰ ভাৰতৰ অধিকাংশ ৰাজ্যত আটাইতকৈ বেছিসংখ্যক লোকক সংক্ৰমিত কৰিছে৷ ইয়াৰ লগতে এই ভেৰিয়েণ্টৰ সংক্ৰমণ মহাৰাষ্ট্ৰ, তেলেংগানা আৰু কৰ্ণাটকতো দেখা পোৱা গৈছে৷ সিঙৰ মতে, ডাবল মিউটেণ্টৰ প্ৰভাৱ মহাৰাষ্ট্ৰ, পশ্চিম বংগত দেখা পোৱা গৈছে৷ তেলেংগানা আৰু দিল্লীত দক্ষিণ আফ্ৰিকাৰ ভেৰিয়েণ্টো পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here