ভাৰতত পোৱা কৰ’নাৰ ভেৰিয়েণ্ট অতি সংক্ৰামক

0
713

ভাৰতত পোৱা ভেৰিয়েণ্ট অতি সংক্ৰামক৷ ই অতি দ্ৰুত গতিত বিয়পি পৰে৷ ইয়াৰ ৰূপ সলনিৰ ক্ষমতা ব্ৰিটেইনৰ ভেৰিয়েণ্টৰ সমানেই বুলি তেওঁ কয়

ভাৰতত ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাৰ নতুন ভেৰিয়েণ্ট বিশ্বৰ ভিতৰতে আটাইতকৈ সংক্ৰামক হ’ব পাৰে৷ বেলজিয়ামৰ লিউভেন বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত জীৱবিজ্ঞানী টম ৱেন্সলিয়ৰ্ছে এই দাবী কৰিছে৷ ইয়াৰ আগতে তেওঁ কৰ’নাৰ ব্ৰিটেইনৰ ৰূপক আটাইতকৈ বেছি সংক্ৰামক বুলি কৈছিল৷ তেওঁ কয় যে ভাৰতত পোৱা ভেৰিয়েণ্ট অতি সংক্ৰামক৷ ই অতি দ্ৰুত গতিত বিয়পি পৰে৷ ইয়াৰ ৰূপ সলনিৰ ক্ষমতা ব্ৰিটেইনৰ ভেৰিয়েণ্টৰ সমানেই বুলি তেওঁ কয়৷ তেওঁৰ মতে, ভাৰতত এই ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি কৰাৰ কাম কৰা হৈছিল৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী সমাৱেশৰ আয়োজন কৰাৰ লগতে মানুহ অসাৱধান হৈ বৃহৎ হাৰত ভিৰ কৰাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়৷ তেওঁ লগতে কয় যে শীতকালত ভাৰতৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক হৈ পৰা যেন দেখা পোৱা গৈছিল৷ ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা হঠাতে সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰে৷ মাৰ্চৰ আৰম্ভণিৰ পৰা পৰিস্থিতি অধিক বিস্ফোৰক হ’বলৈ ধৰে৷ এতিয়া প্ৰতিদিনে তিনি-চাৰি লাখ লোকৰ সংক্ৰমণ হৈছে৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতত প্ৰতিনিধি ডাঃ ৰেড্ৰিক এছ আফ্ৰিনৰ মতে, ভাৰতত কৰ’নাৰ নীতি-নিয়মসমূহ মানি নচলাৰ ফলতে পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লয়৷ তেওঁৰ মতে, ইয়াৰ বাবে ভাৰতৰ লোকসকল নিজে দায়ী আৰু তেওঁলোকে কৰ’নাৰ সংক্ৰমণ হোৱাৰ সুযোগ দিছিল৷ ভাৰতত ইউনিচেফৰ প্ৰতিনিধি য়াছমিন আলী হকৰ মতে দ্বিতীয়টো ঢৌৱে ভাৰতত এনে ধৰণৰ তাণ্ডৱৰ সৃষ্টি কৰিছে যে ইয়াৰ পৰা উদ্ধাৰ পাবলৈ কেইবা বছৰ লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here