ভাৰতত ডি আৰ ডি অ’ৰ ঔষধ ২-ডিজি ব্যৱহাৰৰ অনুমতি

0
828

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে কালৰূপ ধাৰণ কৰাৰ সময়তে এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পৰাকৈ আন এবিধ ঔষধৰ ব্যৱহাৰত অনুমতি দিছে৷  প্ৰতিৰক্ষা গৱেষণা তথা উন্নয়ন সংস্থাৰ গৱেষণাগাৰ ইন্‌ষ্টিটিউট অব্‌ নিউক্লিয়েৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেজে Dr. Reddy's Laboratories-ৰ সৈতে মিলি এই ঔষধ প্ৰস্তুত কৰিছে৷  ডি আৰ ডি অ’ই প্ৰস্তুত কৰা এই ২-ডিঅ’ক্সি-ডি-গ্লুকজ চমুকৈ ২-ডিজি নামৰ এই ঔষধৰ ভাৰতত জৰুৰী ব্যৱহাৰত অনুমতি দিছে ডি জি চি আয়ে৷ এই ঔষধৰ মানৱ দেহত কৰা পৰীক্ষাৰ পৰা জানিব পৰা মতে চিকিৎসালয়ত ভৰ্তি হোৱা কৰ’নাৰ সংক্ৰমণ হোৱা ৰোগীক এই ঔষধ সেৱন কৰিবলৈ দিয়াৰ পাছত সোনকালে আৰোগ্য লাভ কৰে৷ ইয়াৰ লগতে এই ঔষধৰ ব্যৱহাৰৰ পাছত ৰোগীৰ অক্সিজেনৰ প্ৰয়োজনীতাকো হ্ৰাস কৰিব৷ পৰীক্ষাৰ পৰা জানিব পৰা মতে এই ঔষধ সেৱন কৰাৰ পাছত কৰ’নাত আক্ৰান্ত ৰোগীৰ আৰ টি পি চি আৰ পৰীক্ষাত নিগেটিভ পোৱা গৈছে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে চলি থকা যুঁজত এই ঔষধে যথেষ্ট সহায় কৰিব বুলি কোৱা হৈছে৷  উল্লেখ্য যে যোৱা বছৰ এপ্ৰিলত এই ঔষধৰ পৰীক্ষা আৰম্ভ কৰা হয়৷ প্ৰাৰম্ভিক পৰীক্ষাত ভাল ফল পোৱাৰ পাছত যোৱা বছৰ মে’ত এই ঔষধৰ মানৱ দেহত পৰীক্ষা আৰম্ভ কৰা হয়৷ মানৱ দেহত কৰা পৰীক্ষাৰ অক্টোবৰত অন্ত পৰে৷ ঔষধৰ মানৱ দেহত কৰা তৃতীয় পৰ্যায়ৰ পৰীক্ষাত ভাল ফল পোৱা গৈছিল৷ ডি আৰ ডি অ’ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি অচিৰেই এই ঔষধ কৰ’নাত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে বজাৰত পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here