ভাৰতত জুলাইলৈকে ভেক্‌চিনৰ নাটনিৰ সম্ভাৱনা

0
1598
দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে কালৰূপ ধাৰণ কৰাৰ সময়তে ভেক্‌চিনৰো তীব্ৰ নাটনিয়ে দেখা দিছে৷ কেইবাখনো ৰাজ্যই ভেক্‌চিনৰ অভাৱত ১ মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ টিকাকৰণ আৰম্ভ কৰিব নোৱাৰিলে৷ এনে সময়তে কৰ’নাৰ ভেক্‌চিন কভিশ্বিল্ড উৎপাদন কৰা কোম্পানী ছিৰাম ইন্‌ষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া অদাৰ পুনাৱালাই কয় যে দেশত ভেক্‌চিনৰ নাটনি এই বছৰ জুলাইলৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে৷ তেওঁ কয় যে জুলাইৰ পৰা কভিশ্বিল্ডৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বৰ্তমান ছিৰাম ইন্‌ষ্টিটিউটে প্ৰতি মাহে ৬-৭ কোটি ড’জ ভেক্‌চিন উৎপাদন কৰি আছে৷ জুলাইৰ পৰা কোম্পানীটোৱে প্ৰতি মাহে দহ কোটি ড’জকৈ উৎপাদন কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ তেওঁ কয় যে কৰ’নাৰ দ্বিতীয়টো ঢৌৱে এনেদৰে ছুনামিৰ সৃষ্টি কৰিব বুলি চৰকাৰে ভবা নাছিল৷ তেওঁ ভেক্‌চিনৰ নাটনিৰ বাবে কোম্পানীটো বা চৰকাৰ কোনোৱেই দায়ী নহয় বুলি কয়৷ পুনাৱালাই কয় যে আমি উৎপাদন বৃদ্ধি নকৰাৰ কাৰণ হ’ল আমি সেই অনুপাতে ভেক্‌চিনৰ অৰ্ডাৰ পোৱা নাছিলোঁ৷ আমি এবছৰত এশ কোটি ড’জ উৎপাদন কৰিব লাগিব বুলি ভবা নাছিলোঁ৷ ইফালে কৰ’নাৰ ভেক্‌চিনৰ নতুন অৰ্ডাৰ দিয়া হোৱা নাছিল বুলি পুনাৱালাই দিয়া মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, মে’, জুন আৰু জুলাইত কভিশ্বিল্ডৰ ১১ কোটি ড’জ দিয়াৰ বাবে চৰকাৰে ছিৰাম ইন্‌ষ্টিটিউটক ১৭৩১.৫০ কোটি টকাৰ আগধন দিয়া হৈছিল৷ মন্ত্ৰ্যালয়ৰ মতে, কভিশ্বিল্ডৰ দহ কোটি ড’জ অৰ্ডাৰ দিয়া সত্ত্বেও মে’ মাহলৈকে লাভ কৰা হৈছে মাত্ৰ ৮.৭৪ কোটি ড’জ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here