ভাৰতত কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ মূলতে হ’ল ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশ : বিশ্ব স্বাস্থ্য সংস্থা

0
1200
ভাৰতত কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ মূলতে হ’ল ৰাজনৈতিক আৰু ধৰ্মীয় সমাৱেশ৷ বিশ্ব স্বাস্থ্য সংগঠনৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অৱশ্যে কোনো অনুষ্ঠান বা ঘটনাৰ বিষয়ে উল্লেখ কৰা নাই৷ উল্লেখযোগ্য যে যোৱা মাহত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত কভিড নিয়ম উলংঘা কৰি বৃহৎসংখ্যক ৰাজনৈতিক সমাৱেশৰ আয়োজন কৰা হৈছিল৷ ইয়াত অংশগ্ৰহণ কৰা লোকসকলে মাস্ক পিন্ধা আৰু সামাজিত দূৰত্বৰ দৰে কোনো নিয়ম মানি চলা নাছিল৷ আনহাতে কৰ’নাৰ সংক্ৰমণৰ মাজতে যোৱা মাহত উত্তৰ প্ৰদেশত কুম্ভ মেলাত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছিল আৰু কোনোধৰণৰ কভিড নিয়ম পালন কৰা নাছিল৷  উল্লেখ্য যে যোৱা সপ্তাহত বিশ্বত নতুনকৈ সংক্ৰমণ হোৱা লোকসকলৰ প্ৰায় আধাখিনি হ’ল ভাৰতৰ৷ ইফালে ভাৰতত কৰ’নাৰ সংক্ৰমণে শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ৰাষ্ট্ৰসংঘই এখন প্ৰতিবেদনত দেশখনত টিকাকৰণৰ লেহেম গতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰসংঘই এখন প্ৰতিবেদনত লগতে কয় যে ভাৰতত কৰ’নাৰ ভেক্‌চিনৰ চাহিদা যথেষ্ট বেছি৷ কিন্তু সেই অনুপাতে ভেক্‌চিনৰ সন্তুলন তথা যোগান পৰ্যাপ্ত নহয়৷ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে ভাৰতত কৰ’নাৰ দ্বিতীয়টো ঢৌৱে দেশখনৰ ৰাজহুৱা স্বাস্থ্য প্ৰণালীত বেয়াকৈ প্ৰভাৱ পেলাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here