ভাৰতত কৰ’না ভাইৰাছৰ কাল ৰূপ

0
1046

কভিড মৃত্যুৰ সংখ্যাৰে ভাৰত চতুৰ্থ স্থানত আছে এমাহৰ ভিতৰত ৪৫ হাজাৰতকৈ অধিক এই ৰোগত আক্ৰান্ত হৈ লোকে প্ৰাণ হেৰুৱায়৷

চলিত মাহত ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণে কাল ৰূপ ধাৰণ কৰিছে৷ যোৱা এমাহত দেশত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি, ১ মে’ত দেশত ৪,০১,৯৯৩জন লোক এই ৰোগত আক্ৰান্ত হয়৷ আনহাতে এই ৰোগত আক্ৰান্ত হৈ যোৱা ২৪ ঘণ্টাত মৃত্যু হয় ৩,৫২৩জন লোকৰ৷ ইয়াকে ধৰি দেশত এতিয়া মুঠ সংক্ৰমিত লোকৰ সংখ্যা হ’ল ১,৯১,৬৪,৯৬৯জন৷ দেশত যোৱা ২৪ ঘণ্টাত ২,৯৯,৯৮৮জন কৰ’না ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আনহাতে এতিয়ালৈকে দেশত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২,০৮,৩৩০৷ উল্লেখযোগ্য যে যোৱা ১ এপ্ৰিলত দেশত এদিনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ৭২,৩৩০জন৷ এতিয়া তিনি লাখৰো অধিক লোক প্ৰতিদিনে আক্ৰান্ত হৈছে৷ মন কৰিবলগীয়া যে যোৱা ৩০ দিনত দেশত ৬৬ লাখ লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়৷ আনহাতে এমাহৰ ভিতৰত ৪৫ হাজাৰতকৈ অধিক এই ৰোগত আক্ৰান্ত হৈ লোকে প্ৰাণ হেৰুৱায়৷ দেশত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মুঠ লোকৰ ৭৮.১৮ শতাংশ হ’ল মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, কেৰালা, ৰাজস্থান, গুজৰাটকে ধৰি ১১খন ৰাজ্যৰ৷ কৰ’না সংক্ৰমণৰ প্ৰতিৰোধী ব্যৱস্থা হিচাপে ভাৰতত এতিয়ালৈকে ১৫ কোটি ২২ লাখৰো অধিক লোকক কৰ’না ভেক্‌চিন দিয়া হৈছে৷ আনহাতে বৰ্তমান বিশ্বত কভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা যি হাৰত বৃদ্ধি হৈছে, তাৰ ২৫ শতাংশই হৈছে ভাৰতৰ৷ কভিড মৃত্যুৰ সংখ্যাৰে ভাৰত চতুৰ্থ স্থানত আছে৷ আমেৰিকা (৫,৭৫,১৯৩) প্ৰথম, ব্ৰাজিল (৪,০১,১৮৬) দ্বিতীয়, মেক্সিকো (২,১৬,৪৪৭) তৃতীয়ৰ পাছতে হৈছে ভাৰতৰ (২,০৮,৩৩০) স্থান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here