ভাৰতত কৰ’নাৰ সংহাৰ অব্যাহত

0
1178

কৰ’নাই সৃষ্টি কৰা সংকটৰ সময়ত ভাৰতক সহায় কৰিবলৈ বিশ্বৰ ৪০খনতকৈও অধিক দেশ আগবাঢ়ি আহিছে৷

ভাৰতত কৰ’নাৰ সংহাৰ অব্যাহত আছে৷ যোৱা ২৮ এপ্ৰিলত দেশখনত কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যাই তথা এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই পুনৰ অভিলেখৰ সৃষ্টি কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি, দেশত ৩০ এপ্ৰিলত অভিলেখসংখ্যক ৩,৮৪,৪৫২ লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে৷ আনহাতে ৩০ এপ্ৰিলত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৩,৬৪৫জন লোকৰ৷ ভাৰতত এইপৰ্যন্ত ১৮,৭৬,২৯৭৬জন লোক এই ৰোগত আক্ৰান্ত হৈছে৷ আনহাতে কৰ’নাৰ সংক্ৰমণ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২,০৮,৩৩০লৈ বৃদ্ধি পাইছে৷ আনহাতে দেশত যোৱা ২৮ এপ্ৰিললৈকে ৩০,৮৪,৮১৪জন লোক চিকিৎসাধীন হৈ আছে৷ ইফালে কৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ আৰোগ্য লাভৰ হাৰ ৮২.১০% লৈ হ্ৰাস পাইছে৷ ইফালে বিদেশ সচিব হৰ্ষবৰ্ধন শৃগালে কয় যে কৰ’নাই সৃষ্টি কৰা সংকটৰ সময়ত ভাৰতক সহায় কৰিবলৈ বিশ্বৰ ৪০খনতকৈও অধিক দেশ আগবাঢ়ি আহিছে৷ তেওঁ কয় যে আমেৰিকাৰ পৰা অহা কেইদিনমানৰ ভিতৰত তিনিখন বিমানত সাহায্য সামগ্ৰী অহাৰ কথা৷ তেওঁ লগতে কয় যে আয়াৰলেণ্ডে ৭০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰেৰণ কৰিছে৷ ইয়াৰ উপৰি মৰিছাছ, বাংলাদেশ, ভূটানৰ পৰাও ভাৰতলৈ সাহায্য প্ৰেৰণ কৰা বুলি কোৱা হৈছে৷ তেওঁ কয় যে দেশত সাধাৰণ অৱস্থাত প্ৰতিদিনে ৰেমডেছিভিৰৰ ৬৭ হাজাৰ ড’জ উৎপাদন কৰা হয়৷ কিন্তু এতিয়া প্ৰতিদিনে প্ৰয়োজন হৈছে ২-৩ লাখ ড’জৰ৷ সেয়েহে দেশখনত ইয়াৰ উৎপাদন বৃদ্ধি উৎপাদনকাৰী প্ৰতিষ্ঠানক কোৱা হৈছে৷ তেওঁলোকে প্ৰতিদিনে চাৰি লাখ ড’জপৰ্যন্ত উৎপাদন কৰিব বুলি জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here