ভাৰতত কৰ’নাৰ নতুন ৰূপৰ সংহাৰ

0
1014

দেশখনত কৰ’নাৰ দুটা বিশেষ ৰূপ ক্ৰমে L৪৫২ R আৰু E৬৮১ R মিলি B.১.৬১৭ নামৰ নতুন ৰূপ লৈছে৷ ইয়াক ডাবল মিউটেণ্ট বুলিও কোৱা হয়৷

মহাৰাষ্ট্ৰকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত হঠাতে কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ আঁৰত এই ভাইৰাছৰ ভাৰতীয় ৰূপ B.১.৬১৭ বুলি কোৱা হৈছে৷ জিনম ছিকুৱেঞ্চিঙৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ পৰা জানিব পৰা মতে, মহাৰাষ্ট্ৰত আক্ৰান্ত ১৫-২০% লোক এই নতুন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ প্ৰখ্যাত ভাইৰ’লজিষ্ট অধ্যাপক শ্বাহিদ জামিলে কয় যে ভাৰতত কৰ’না ভাইৰাছৰ জিনম ছিকুৱেঞ্চিঙৰ পৰা এই কথা জানিব পৰা গৈছে যে দেশখনত কৰ’নাৰ দুটা বিশেষ ৰূপ ক্ৰমে L৪৫২ R আৰু E৬৮১ R মিলি B.১.৬১৭ নামৰ নতুন ৰূপ লৈছে৷ ইয়াক ডাবল মিউটেণ্ট বুলিও কোৱা হয়৷ ভাৰতৰ বাহিৰত ইয়াক কৰ’নাৰ ভাৰতীয় ৰূপ বুলি কোৱা হৈছে৷ তেওঁ জনোৱা মতে, কৰ’নাৰ ৰূপ L৪৫২ R কেলিফ’ৰ্নিয়াত আগতে পোৱা গৈছে৷ কিন্তু আনটো ৰূপ E৬৮১ R  ধৰা পৰে ভাৰতত জিনম ছিকুৱেঞ্চিঙৰ পৰা৷ তেওঁ লগতে কয় যে কৰ’নাৰ ভাৰতীয় ৰূপ B.১.৬১৭ কিমান ভয়াৱহ হ’ব পাৰে, সেই বিষয়ে এতিয়াই কোৱাটো কঠিন৷ তেওঁৰ মতে, এই বিষয়ে বিস্তৃত অধ্যয়নৰ প্ৰয়োজন৷ তেওঁৰ মতে মহাৰাষ্ট্ৰত ১৫-২০% লোকৰ ভাৰতীয় ৰূপৰ দ্বাৰা সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে৷ যদিহে এই ৰূপ দেশৰ আন অংশলৈও সংক্ৰমিত হয়, তেতিয়া অচিৰেই দেশৰ আন ৰাজ্যতো সংক্ৰমিতৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here