ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ ইংগিত

0
965

উত্তৰাখণ্ডৰ পৰা পোৱা তথ্য মতে, ৰাজ্যখনত এহেজাৰতকৈ অধিক শিশু কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷ ই দেশত কৰ’নাৰ তৃতীয়টো সংক্ৰমণ আৰম্ভ হোৱাৰ ইংগিত বুলি ক’বলৈ বিচৰা হৈছে৷

ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে কৰ’নাৰ তৃতীয়টো ঢৌক লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ উল্লেখ্য যে দেশত লকডাউন আৰু সান্ধ্য আইনৰ দৰে কঠোৰ নিষেধাজ্ঞাৰ বাবে সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে৷ কিন্তু উত্তৰাখণ্ডৰ শেহতীয়া এক তথ্যই ভয়াৱহ ইংগিত বহন কৰিছে৷ ইয়াৰ আগতে দেশৰ বিশেষজ্ঞসকলে তৃতীয়টো ঢৌৱে দেশত শিশুসকলক লক্ষ্য কৰি ল’ব বুলি কৈছিল৷ উত্তৰাখণ্ডৰ পৰা পোৱা তথ্য মতে, ৰাজ্যখনত এহেজাৰতকৈ অধিক শিশু কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷ ই দেশত কৰ’নাৰ তৃতীয়টো সংক্ৰমণ আৰম্ভ হোৱাৰ ইংগিত বুলি ক’বলৈ বিচৰা হৈছে৷ সংবাদ মাধ্যমৰ বাতৰি মতে, উত্তৰাখণ্ডৰ এখন গাঁৱত যোৱা দহ দিনত ৯ বছৰতকৈ কম বয়সৰ এহেজাৰতকৈ অধিক শিশুৰ সংক্ৰমণ হৈছে৷ এই শিশুসকলক চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ ৰাজ্যখনত এইপৰ্যন্ত ২১৩১টা শিশুৰ কৰ’নাত সংক্ৰমণ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here