ভাৰতত অহা সপ্তাহৰ পৰা প্ৰদান কৰা হ’ব ৰাছিয়াৰ স্পুট্‌নিক ভি

0
1609

ভাৰতত পোৱা কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট মাৰাত্মক আৰু অধিক সংক্ৰামক৷ এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাই লগতে কয় যে ভাৰতত পোৱা এই ভেৰিয়েণ্টৰ বিৰুদ্ধে ভেক্‌চিনৰ কাৰ্যকাৰিতাক লৈ অনিশ্চয়তা অব্যাহত আছে৷ বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ভাৰতত প্ৰথমে পোৱা কৰ’না ভাইৰাছৰ নতুন ৰূপৰ বিৰুদ্ধে ভেক্‌চিনৰ কাৰ্যকাৰিতাক লৈ বৰ্তমান নিশ্চিতভাৱে একো ক’ব নোৱাৰি৷ এই ভেৰিয়েণ্ট সৰ্বপ্ৰথমে ভাৰতত পোৱা গৈছিল অক্টোবৰত৷ বৰ্তমান বিশ্বৰ ৪৪খন দেশলৈ এই ভাইৰাছৰ সংক্ৰমণ হৈছে৷ এই ভাইৰাছৰ সংক্ৰমণৰ হাৰ অধিক আৰু ইয়াৰ বিৰুদ্ধে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰভাৱ যথেষ্ট কম৷ আনহাতে আমেৰিকাৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি এই ভেৰিয়েণ্টৰ বিৰুদ্ধে ফাইজাৰ, মডাৰ্না আৰু জনছন এণ্ড জনছনৰ ভেক্‌চিন যথেষ্ট কাৰ্যকৰী৷ ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে অহা সপ্তাহত ৰাছিয়াৰ ভেক্‌চিন স্পুটনিক-ভি ভাৰতীয় বজাৰত পোৱা যাব৷ নিটি আয়োগৰ অধ্যক্ষ ডাঃ ভি কে পালে কয় যে ইতিমধ্যে ৰাছিয়াত উৎপাদন হোৱা স্পুট্‌নিক ভি ভাৰত আহি পালেহি৷ সম্প্ৰতি সীমিতসংখ্যক ভেক্‌চিন ভাৰত পাইছেহি যদিও আৰু অধিক আমদানি কৰা হ’ব বুলিও আশা ব্যক্ত কৰে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰে যে এফ ডি এ আৰু বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা যিকোনো ভেক্‌চিনৰ ভাৰতত ব্যৱহাৰৰ বাবে অনুজ্ঞাপত্ৰ ১-২ দিনৰ ভিতৰত দিয়া হ’ব৷ স্মৰ্তব্য যে স্পুট্‌নিক ভেক্‌চিন ৮০ শতাংশ কাৰ্যকৰী বুলি ৰাছিয়াই দাবী কৰি আহিছে৷ আনহাতে কৰ’না ভাইৰাছৰ ভেক্‌চিনৰ নাটনিৰ জোৰা মাৰিবলৈ ৰাজ্যসমূহে সংগ্ৰাম কৰিবলগীয়া হোৱাৰ সময়তে কেন্দ্ৰই কয় যে আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত দেশখনত দুশ কোটিৰো অধিক ড’জ সহজলভ্য হ’ব আৰু সমগ্ৰ জনসংখ্যাক সামৰিবলৈ যথেষ্ট হ’ব৷ নিটি আয়োগৰ অধ্যক্ষ ভি কে পালে কয় যে অহা পাঁচ মাহৰ ভিতৰত ভাৰতৰ বাবে আৰু ভাৰতৰ জনসাধাৰণৰ বাবে ভেক্‌চিনৰ ২১৬ কোটি ড’জ উৎপাদন কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here