ভাল খবৰ : ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীক লৈ কভেক্সিনৰ দ্বিতীয়, তৃতীয় পৰ্যায়ৰ পৰীক্ষাত অনুমতি

0
1615

দুবছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীসকলৰ বাবে ভাৰত বায়’টেকৰ কভিড-১৯ ভেক্‌চিন কভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে এখন বিশেষজ্ঞ সমিতিয়ে অনুমোদন জনাইছে৷ চৰকাৰী সূত্ৰসমূহে কয় যে দিল্লী আৰু পাটনাস্থিত দুখন এইম্‌ছ আৰু নাগপুৰৰ মেডিট্ৰিনা ইন্‌ষ্টিটিউট অব্‌ মেডিকেল ছায়েন্সেজকে ধৰি বিভিন্ন ঠাইত ৫২৫টা শিশুক ভেক্‌চিনটো দি এই দুটা পৰ্যায়ৰ পৰীক্ষা কৰা হ’ব৷ ২–১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীসকলক ভেক্‌চিন দি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলাবৰ বাবে অনুমতি বিচাৰি হায়দৰাবাদ ভিত্তিক ভাৰত বায়’টেকে জনোৱা আৱেদন কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংগঠন চমুকৈ, CDSCO-এ কভিড-১৯ বিষয়ক ছাবজেক্ট এক্সপাৰ্ট কমিটীয়ে বিবেচনা কৰে আৰু কোম্পানীটোক অনুমতি দিয়ে৷ কোম্পানীটোৱে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফলৰ বিষয়ে CDSCO-ক জনাব লাগিব আৰু তাৰ পাছতহে তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলাব পাৰিব৷ উল্লেখ্য যে আই চি এম আৰৰ সহযোগত ভাৰত বায়’টেকে থলুৱাভাৱে কভেক্সিন উদ্ভাৱন আৰু উৎপাদন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here