ভাত খোৱাৰ পাছতেই গা নুধুব ! হ’ব পাৰে মাৰাত্মক সমস্যা

0
1140

আমাৰ বহুতৰেই বিভিন্ন ধৰণৰ অভ্যাস থাকে৷ তাৰ ভিতৰত এটা হ’ল খাই উঠিয়েই গা ধোৱাটো৷ আমাৰ মাজৰে বহুতেই ভাত খাই উঠিয়েই গা ধুবলৈ যায়৷ যদি আপোনাৰো এনে বদঅভ্যাস আছে, তেন্তে আজিয়েই সলনি কৰাৰ চেষ্টা কৰক৷ কাৰণ ভৰ্তি পেটেৰে গা ধুলে হ’ব পাৰে মাৰাত্মক সমস্যা৷ 

এই কুঅভ্যাসৰ ফলত কি সমস্যা হ’ব পাৰে জানো আহক–

শৰীৰৰ স্বাভাৱিক তাপমাত্ৰাৰ হঠাৎ পৰিৱৰ্তন হ’লে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত প্ৰভাৱিত হয় ৷ ৰক্ত চাপৰ আকস্মিক উঠা-নমাৰ ফলত হাৰ্টৰ সমস্যা বাঢ়িব পাৰে৷ বিশেষজ্ঞসকলে সেয়ে খাদ্য খোৱাৰ আগতে গা ধুবলৈ পৰামৰ্শ দিছে৷ যদি কিবা কাৰণত গা ধুব লগা হয়ো, তেতিয়া খোৱাৰ পাছত অন্তত ২ ঘণ্টা পলমকৈ গা ধোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে৷ শৰীৰত খাদ্য হজম হ’বলৈ এটা নিৰ্দিষ্ট তাপমাত্ৰাৰ প্ৰয়োজন৷ সেই নিৰ্দিষ্ট তাপমাত্ৰাতহে খাদ্যৰ পৰিপাক ক্ৰিয়া সম্পন্ন হয়৷ সেয়ে খোৱাৰ অলপ পাছতে গা ধুলে শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা হঠাৎ কমি যায়৷ ফলত হজম প্ৰক্ৰিয়াত বিঘিনি ঘটাৰ সম্ভাৱনা থাকে৷ ইয়াৰ ফলত গেছ, বদহজম, এচিডিটিৰ উপৰি পেটৰ নানা সমস্যাই দেখা দিব পাৰে৷ এই অভ্যাস যদি আপোনাৰ দীৰ্ঘদিন ধৰি হয়, তেন্তে হজমৰ সমস্যাই গুৰুতৰ ৰূপ ল’ব পাৰে৷ সেয়ে আহক এই কুঅভ্যাস আমি অনতিপলমে পৰিত্যাগ কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here