ভাগৰুৱা ভৰি দুখনৰ কেনেকৈ যতন ল’ব?

0
1493

আমাৰ ভৰি দুখনে গোটেই শৰীৰৰে ভাৰসাম্য ৰক্ষা কৰি থাকে৷ ভৰি দুখনৰ জৰিয়তে আমি খোজকঢ়া, দৌৰা, জঁপিওৱা আনকি আমি য’লৈকে যাব বিচাৰোঁ, ভৰি দুখনৰ সহায়ত অনায়াসে যাব পাৰোঁ৷ গোটেই দিনটোৰ অন্তত আমাৰ ভৰি দুখনে অলপ আৰাম বিচাৰে৷ যিহেতু ভৰি দুখন আমাৰ শৰীৰৰ এক অবিচ্ছেদ্য অংগ৷ গতিকে ইয়াৰ যতন লোৱাটো খুবেই প্ৰয়োজনীয়৷ ঘৰত থাকিয়েই অতি সহজে কিছু বিধান অৱলম্বন কৰি আমাৰ ভাগৰুৱা ভৰি দুখনৰ যতন ল’ব পাৰোঁ৷

(১) ভৰিৰ তলুৱাত এটা টেনিছ বল ৰাখি যিমানখিনি ভৰ সহ্য কৰিব পাৰে, সিমানখিনি ভৰ বলটোৰ ওপৰত দি ভৰিখন গোৰোহাৰ পৰা আঙুলিৰ মূৰলৈকে আগুওৱা-পিছুওৱা কৰিব লাগে৷
(২) ৰাতি শোৱাৰ আগে আগে ভৰি দুখনৰ গোৰোহা, তলুৱাত বুঢ়া আঙুলিৰে ঘূৰণীয়াকৈ মালিচ কৰিব লাগে৷
(৩) এটা পাত্ৰত গৰম পানী লৈ চাৰিভাগৰ এভাগ নিমখ মিহলাই ভৰি দুখন জুবুৰিয়াই ৰাখিব লাগে৷ এনে কৰাৰ ফলত মানসিক অৱসাদ দূৰ হোৱাৰ লগতে ভৰিৰ বিষ আদিৰ পৰা উপশম পাব পাৰি৷
(৪) এটা বৰফভৰ্তি বটল ভৰিৰ তলুৱাত ৰাখি আগ-পিছ কৰিলেও আৰাম পোৱা যায়, বিশেষকৈ গৰমৰ দিনত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here