বৰফীয় আচ্ছাদনলৈ কিহৰ এই বিপৰ্যয় ?What threat does the ice layer face?

0
341
উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদন গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ক্ৰমাৎ সংকুচিত হৈ আহিছে ৷ এই বিষয়টোক লৈ বিশেষজ্ঞসকলে সতৰ্কবাণী শুনাই আহিছে৷ এইবাৰ উত্তৰ মেৰুত বিশাল বৰফীয় আচ্ছাদন ধবংসৰ গৰাহলৈ গতি কৰিছে বুলি জনা গৈছে৷ এই বিশাল বৰফীয় আচ্ছাদনৰ মাজত প্ৰকাণ্ড এক গহ্বৰৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে৷ লক্ষণীয় যে যি অংশত গহ্বৰ বা গাঁতৰ সৃষ্টি হৈছে সেই অংশক উত্তৰ মেৰুৰ আটাইতকৈ স্থিতিশীল বৰফীয় আচ্ছাদন বুলি ধাৰণা কৰিছিল যদিও ক্ৰমান্বয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এই অঞ্চলতো বৰফৰ গলন আৰম্ভ হৈছে৷ সেয়েহে সমগ্ৰ উত্তৰ মেৰুৰ বৰফীয় আচ্ছাদনলৈ নামি আহিছে বিপৰ্যয়৷ এইদৰে বৰফৰ গলন হৈ থাকিলে ভবাতকৈ আগতে বৰফৰ ভাণ্ডাৰ ধবংস হ’ব বুলি বিজ্ঞানী মহলে আশংকা ব্যক্ত কৰিছে৷ বৰফৰ আচ্ছাদনৰ এই গলনে পৃথিৱী গৃহত গোলকীয় উষ্ণতা ভয়াৱহভাৱে বৃদ্ধি পাব আৰু অধিক দুৰ্যোগ নমাই আনিব পাৰে৷ সেয়েহে জলবায়ু বিজ্ঞানীসকলে সমগ্ৰ বিশ্বকে সতৰ্কবাণী কৰি দিছে, যাতে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here