ব্ৰাউন ৰাইচৰ উপকাৰিতা জানেনে?

0
44

ভাৰতবৰ্ষৰ প্ৰধান খাদ্যসমূহৰ ভিতৰত ভাত অন্যতম৷ চাউলৰ পৰা ভাত তৈয়াৰ কৰা হয়৷ দেশৰ প্ৰায় সকলো ঠাইতে চাউলৰ বহু আদৰ দেখা যায়৷ কিন্তু চাউলত অধিক কেলৰি থাকে বাবে বহুতে ইয়াক খাব নোৱাৰে, বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে৷ কিন্তু ব্ৰাউন ৰাইচ এনেকুৱা এবিধ চাউল, যাক ডায়েবেটিছ ৰোগীসকলেও গ্ৰহণ কৰিব পাৰে৷ বগা চাউলৰ তুলনাত ব্ৰাউন ৰাইচত অধিক ফাইবাৰ পোৱা যায়৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, মেগনেচিয়াম, ফচফৰাছ, পটাচিয়াম থাকে৷ ব্ৰাউন ৰাইচ খালে কি কি উপকাৰ হয়, জানো আহক৷
ডায়েবেটিছ ৰোগীৰ কাৰণে ব্ৰাউন ৰাইচ অতি উত্তম, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়৷ যি শৰীৰৰ কাৰণে বহু লাভদায়ক৷
সাধাৰণতে বহু লোকে ওজন বৃদ্ধি হোৱাৰ ভয়ত ভাত খাব নিবিচাৰে, কিন্তু ব্ৰাউন ৰাইচত কম কেলৰি থাকে, যি ওজন বৃদ্ধিৰ বিপৰীতে কমোৱাত সহায় কৰে৷
ব্ৰাউন ৰাইচৰ সেৱনে কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে৷
ব্ৰাউন ৰাইচত থকা কেলচিয়াম আৰু মেগনিচয়ামে হাড় মজবুত কৰি ৰাখে৷
ইয়াত থকা ভিটামিন-ই আৰু এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ কৰাত উল্লেখযোগ্য ভূ্‌মিকা পালন কৰে৷
ফাইবাৰযুক্ত ব্ৰাউন ৰাইচে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট কম কৰাৰ লগতে পাচন প্ৰক্ৰিয়া শিথিল কৰি শৌচ খোলোচা কৰে৷
স্তন কেঞ্চাৰ আৰু অন্য হৰমন-সমন্ধীয় কেঞ্চাৰ প্ৰতিৰোধ কৰাত ব্ৰাউন ৰাইচৰ ভূমিকা উল্লেখনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here