বেডনাৰ গুণাগুণ জানিলে আপুনি আচৰিত হ’ব

0
1601

খাদ্যপ্ৰাণেৰে ভৰপূৰ বেডনাৰ প্ৰতিটো দানাই গুণেৰে সমৃদ্ধ৷ ইয়াৰ দানাত থকা গুণাগুণৰ কাৰণে খাদ্য তালিকাত ইয়াক ছুপাৰফুড হিচাপে ধৰা হয়৷ শৰীৰৰ ছালকে ধৰি বিভিন্ন সমস্যাত এইবিধ কাৰ্যকৰী ফল৷ বেডনাত প্ৰচুৰ পৰিমাণে ফাইবাৰ, জিংক, পটাচিয়াম, আইৰন লগতে ওমেগা-৬ পোৱা যায়৷ বেডনাৰ গুটিৰ লগতে ইয়াৰ পাতো সমানে উপকাৰী৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক–

(১) আজিকালি যেন হৃদৰোগ আমাৰ জীৱন-যাত্ৰাৰ লগত সংপৃক্ত হৈছে৷ প্ৰতিদিনে তেল-চৰ্বিজাতীয় খাদ্য খোৱাৰ ফলত আমাৰ ধমনীৰ আৱৰণত চৰ্বিজাতীয় পদাৰ্থ জমা হয়৷ যাৰ ফলত ধমনী লাহে লাহে সংকুচিত হ’বলৈ ধৰে৷ সেয়েহে হৃদৰোগ নিৰ্মূলৰ বাবে বেডনা খোৱাটো আৱশ্যক৷ বেডনাই মাংসপেশীত দ্ৰুত অক্সিজেন যোগানত সহায় কৰে৷
(২) বেডনাই ছাল সুস্থ ৰখাত অৰিহণা যোগায়৷ বেডনাত থকা পমিগ্ৰেনেট অইলে মইশ্বৰাইজাৰ হিচাপে কাম কৰে আৰু ছালখনক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ ফলিক এচিড, ভিটামিন-চি, চাইট্ৰিক এচিড, টেনিনৰে সমৃদ্ধ বেডনাই ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে৷
(৩) বেডনাত থকা আইৰনে ৰক্তহীনতা দূৰ কৰে৷
(৪) বেডনাই ৰুচি বৃদ্ধি কৰে, কোষ্ঠকাঠিন্য ৰোধ কৰে৷
(৫) বুকুৰ ধপধপনি, বুকুৰ বিষ, কাহ, কণ্ঠনলী পৰিষ্কাৰ আদি নোহোৱা কৰিবলৈ বেডনা খোৱা ভাল৷
(৬) জ্বৰ, পুৰণি পেটৰ অসুখ আদি বেডনাই নিৰাময় কৰাত সহায় কৰে৷
(৭) বেডনাৰ ৰসত থকা পটাচিয়াম আৰু পলিফেনল নামৰ উপাদানে কাৰ্টিলেজ নামৰ ৰোগ প্ৰতিৰোধ কৰাত খুবেই উপকাৰী৷ হাড়ৰ বিভিন্ন বেমাৰৰ বাবে বেডনা খালে উপশম পোৱা যায়৷
(৮) প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থকাৰ বাবে বেডনাই ছিষ্টোলিক ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে৷ ফলত ষ্ট্ৰ’ক, মানসিক চাপ আদি কমে৷
(৯) শৰীৰত কেঞ্চাৰ কোষৰ বৃদ্ধি নোহোৱাত বেডনাই সহায় কৰে৷ ফলত কেঞ্চাৰ নিয়ন্ত্ৰণত বেডনাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷
(১০) বেডনাৰ ৰস খালে দাঁতৰ বিষ, দাঁতৰ বিভিন্ন সমস্যা, মুখৰ দুৰ্গন্ধ নাইকিয়া কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here