বেঙেনাৰ ঔষধি গুণ জানি আপুনি আচৰিত হ’ব

0
1951


যি কাৰণতে নহওক কিয়, প্ৰায়ভাগ লোকেই বেঙেনাক খাদ্য হিচাপে পচন্দ নকৰে৷ বহুতৰে এটা ধাৰণা আছে যে বেঙেনাৰ কোনোধৰণৰ খাদ্যগুণ নাই৷ কিন্তু এই কথাটো সত্য নহয়৷ চবজি হিচাপে বেঙেনাৰ গুণৰ তুলনা নাই৷ ইংৰাজীত বেঙেনাক এগপ্লাণ্ট বোলা হয়৷ কণীৰ দৰে দেখি বাবে বেঙেনাক এইদৰে নামকৰণ কৰা হয়৷ লুচিৰ লগত বেঙেনা ভাজিৰ সোৱাদৰ তুলনা নাই৷ বছৰৰ সকলো সময়তে পোৱা এইবিধ খাদ্যৰ নানা উপকাৰিতা আছে৷ এনে সুস্বাদু খাদ্যবিধৰ কি কি গুণেৰে সমৃদ্ধ জানো আহক–
(১) যিসকল ডায়েবেটিছত আক্ৰান্ত, তেওঁলোকৰ বাবে কি খাদ্য খোৱা ভাল বা কি খাদ্য খোৱা বেয়া তাক লৈ দোমোজাত পৰা দেখা যায়৷ তেনে লোকে নিশ্চিন্তমনে বেঙেনা খাব পাৰে৷ কাৰণ বেঙেনাত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে লগতে ইয়াৰ দ্ৰৱীভূত শৰ্কৰা আৰু কাৰ্বহাইড্ৰেটৰ পৰিমাণ কম থকা বাবে ডায়েবেটিছ ৰোগীৰ কাৰণে উত্তম খাদ্য৷
(২) বেঙেনাত থকা উপাদানৰ ভিতৰত আইৰন অন্যতম৷ শৰীৰৰ তেজৰ পৰিমাণ কমি গ’লে বেঙেনা খাব লাগে৷ ইয়াৰ উপৰি বেঙেনাই কলেষ্টৰেল নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷
(৩) হাৰ্ট ভালে ৰাখিবলৈ ভিটামিন-বি১, ভিটামিন-বি৬, ভিটামিন-চি, ভিটামিন-কে আদিবোৰ উপাদান বেঙেনাত পোৱা যায়৷ ইয়াৰ উপৰি বেঙেনাত ফাইট’নিউট্ৰিয়েণ্ট আৰু ফ্লাভোনয়েড থাকে, যিয়ে হাৰ্ট ভালে ৰখাত সহায় কৰাৰ লগতে হাৰ্ট এটেক হোৱাৰ পৰা শৰীৰৰ ৰক্ষা কৰে৷
(৪) বেঙেনাত ফাইবাৰ আৰু জলীয় ভাপ অত্যন্ত বেছি থাকে বাবে ওজন কমোৱাত সহায় কৰে৷
(৫) বেঙেনাত প্ৰচুৰ পৰিমাণে এণ্টিচিয়ানিন থাকে৷ এণ্টিচিয়ানিন হ’ল এটা অত্যন্ত শক্তিশালী এণ্টিঅক্সিডেণ্ট৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷
(৬) বেঙেনাত থকা ফাইটোনিউট্ৰিয়েণ্ট নামৰ উপাদানে মস্তিষ্কৰ বিকাশত সহায় কৰে৷ এইবিধ উপাদানে মগজুত কোনো বৰ্জ্য পদাৰ্থ বা টক্সিন জমা হ’লে সেইবোৰ বাহিৰ কৰাত সহায় কৰে৷
(৭) বেঙেনাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে পেট পৰিষ্কাৰ কৰাৰ লগতে মেটাবলিজম নিয়ন্ত্ৰণত ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here