বৃক্ক দুৰ্বল হ’লে কি কি খাদ্যসমূহ কমাই খাব লাগে

0
1817


বৃক্ক হৈছে আমাৰ শৰীৰৰ এক প্রধান অংশ৷ দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ ৰক্তস্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰাই বৃক্কৰ প্ৰধান কাৰ্য্য। ‌বিভিন্ন অসাৱধানতাৰ ফলত আমাৰ বৃক্ক দুৰ্বল হব পাৰে।বৃক্ক দুৰ্বল হ’লে কি কি খাদ্যসমূহ কমাই খাব লাগে চাই লওঁ আহক এবাৰ –

(১) নিমখ আৰু নিমখ বেছিকৈ থকা খাদ্য কমাই খাব লাগে। যেনে: আচাৰ, চছ, পেকেটত পোৱা খাদ্য ইত্যাদি।
(২) পটাছিয়াম থকা খাদ্য কমাই খাব লাগে।
যেনে: কল, কমলা টেঙা, ব্ৰকলি, গাজৰ, বিলাহী, আলু ইত্যাদি।
(৩) ফছফেট থকা বস্তু কমকৈ খাব লাগে।
যেনে: গাখীৰৰ বস্তু, মাংস, বুট-মাহজাতীয় খাদ্য, শীতল পানীয় ইত্যাদি।
(৪) চডিয়াম, পটাছিয়াম আৰু ফছফেট কমকৈ থকা খাদ্যসমূহ নিয়ন্ত্ৰণত ৰাখি খাব পাৰি।
যেনে: আপেল, আনাৰস, প্লাম, তিয়হ, বন্ধাকবি, ফুলকবি ইত্যাদি।
(৫) বৃক্ক বেমাৰৰ পৰ্যায় অনুযায়ী খোৱা লোৱা অলপ বেলেগ হব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here