বৃক্কত পাথৰ হ’লে নেমু ৰস খোৱা উচিতনে?

0
1991

আজিৰ যুগত কিডনী ষ্টন বা পাথৰৰ বিষয়ে নজনা মানুহ খুব কম৷ আপোনাৰ যদি কোনোবা চিনাকি বা ঘৰৰ মানুহ এই ৰোগত আক্ৰান্ত হৈছে, তেন্তে ইয়াৰ অসহ্যকৰ বেদনাৰ কথা আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে৷ কিডনীৰ ষ্টন হৈছে এটা সৰু আৰু টান পাথৰ; যিটো বৃক্কত গঠন হয়৷ এটা পাথৰ ৫ মিঃমিঃতকৈ বেছি হ’লে প্ৰস্ৰাৱত বাধা আহি পৰে, যাৰ ফলত পেটৰ তল অংশত তীব্ৰ বেদনাৰ সৃষ্টি হয়৷ কেতিয়াবা বৃক্কৰ পাথৰ ইমান ডাঙৰ হৈ যায় যে ইয়াৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়৷ কিন্তু কেতিয়াবা সুশৃংখল জীৱনশৈলী আৰু প্ৰাকৃতিকভাৱেও ইয়াক নিৰ্মূল কৰিব পৰা যায়৷ পানীয়েই হৈছে বৃক্কৰ পাথৰ নিৰ্মূলীকৰণৰ প্ৰধান চাবিকাঠী৷ বৃক্কত পাথৰ হোৱা লোকে শৰীৰটোক হাইড্ৰেট কৰি ৰখা উচিত যাতে পাথৰ সৰু সৰু টুকুৰা হৈ প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ হৈ যাব পাৰে৷ বিশেষজ্ঞসকলৰ মতে, শৰীৰটো হাইড্ৰেট হৈ থাকিলে প্ৰথমাৱস্থাতে পাথৰ বাঢ়ি অহাত বাধা প্ৰদান কৰিব পৰা যায়। যদি আপোনাৰ অনৱৰতে পানী খাই আমনি লাগিছে, তেন্তে আপুনি ঘৰতে তৈয়াৰী বিভিন্ন ফলৰ ৰস সেৱন কৰিও শৰীৰটো হাইড্ৰেট কৰি ৰাখিব পাৰে৷ ডি কে পাব্লিচিঙৰ দ্বাৰা প্ৰকাশিত "Healing Foods" নামৰ কিতাপখনৰ মতে, নেমু টেঙাত প্ৰচুৰ পৰিমাণে Citrate থাকে৷ দৈনিক নেমুৰ ৰস সেৱনে আপোনাৰ বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা দূৰ কৰিব পাৰে৷ Citrate-এ কেলচিয়াম ক্ৰিষ্টেল গঠন হোৱাত বাধা দিয়ে, যিটো হৈছে বৃক্কত পাথৰ হোৱাৰ প্ৰধান উপাদান৷ নেমু ৰসৰ লগত অলিভ অইল মিশ্ৰণ কৰি পানীৰ সৈতে দিনত ২-৩ বাৰলৈ খালে সুফল পোৱা যায়, নাইবা ৰাতিপুৱা কুহুমীয়া পানীৰ লগত নেমুৰ ৰস সেৱন কৰিলেও বৃক্ক সম্বন্ধীয় সমস্যা নিৰ্মূল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here