বিশ্বৰ কোটিপতিসকলৰপ্ৰথম পচন্দৰ দেশ অষ্ট্ৰেলিয়া

0
133

চহকী লোকসকলে নিজৰ দেশ এৰি আন দেশত বাস কৰিবলৈ লোৱাটো এটা সাধাৰণ কথা৷ প্ৰতি বছৰে বিশ্বৰ বৃহৎসংখ্যক চহকী লোকে নিজৰ দেশ ত্যাগ কৰি আন দেশত বাস কৰিবলৈ লৈছে৷ ব্ৰিটেইনৰ হেননলী এণ্ড পাৰ্টনাৰ্ছ নামৰ এটা কোম্পানীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা বছৰ প্ৰায় ১ লাখ ২০ হাজাৰ কোটিপতিয়ে নিজৰ দেশ ত্যাগ কৰি আন দেশত বাস কৰিবলৈ লয়৷ কোম্পনীটোৱে কোটিপতিৰ তালিকাত নাম ৰখা ব্যক্তিসকলৰ মুঠ সা-সম্পত্তিৰ পৰিমাণ ১ কোটি মাৰ্কিন ডলাৰ বা ৯ কোটি টকা৷ বিশ্বৰ চহকী লোকসকলৰ আটাইতকৈ পচন্দৰ দেশ হ’ল পাঁচখন৷ অৰ্থাৎ তেওঁলোকে এই পাঁচখন দেশত বাস কৰাত অগ্ৰাধিকাৰ দিয়ে৷ ইয়াৰ ভিতৰত সকলোৰ আগত আছে অষ্ট্ৰেলিয়া৷ যোৱা বছৰ নিজৰ দেশ ত্যাগ কৰি অষ্ট্ৰেলিয়াত বাস কৰা কোটিপতিৰ সংখ্যা আছিল ৫,২০০ কোটি৷ উল্লেখযোগ্য যে যোৱা দুটা দশকত বিশ্বৰ কোটিপতিসকলৰ প্ৰথম পচন্দৰ দেশ হ’ল অষ্ট্ৰেলিয়া৷ ইয়াৰ পাছতে স্থান পাইছে সংযুক্ত আৰব আমিৰাট [ইউ এ ই]৷ ইউ এ ইত যোৱা বছৰ সংস্থাপিত বিদেশী কোটিপতিৰ সংখ্যা হ’ল ৪,৫০০ কোটি৷ ইউ এ ইত নিগাজীকৈ বাস কৰিবলৈ লোৱা লোকসকলৰ ভিতৰত সৰ্বাধিক আছিল ভাৰতীয়৷ এই তালিকাত তৃতীয় স্থানত থকা দেশখন হ’ল আমেৰিকা৷ যোৱা বছৰ নিজৰ দেশ ত্যাগ কৰি আমেৰিকাত বাস কৰিবলৈ লোৱা কোটিপতিৰ সংখ্যা আছিল ২,১০০জন৷ ছিংগাপুৰত যোৱা বছৰ নিগাজীকৈ বাস কৰিবলৈ লোৱা লোকৰ সংখ্যা আছিল ৩,২০০জন৷ বিশ্বৰ ভিতৰতে অন্যতম সুন্দৰ দেশ ছুইজাৰলেণ্ডত নিগাজীকৈ বাস কৰিবলৈ যোৱা কোটিপতিৰ সংখ্যা হ’ল ১,৮০০জন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here