বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া– যি হ’ব পাৰে আপোনাৰ মৃত্যুৰ কাৰণ

0
886

আমি সকলোৱে স্পাইচি খাদ্যবোৰ খাই বেছি ভাল পাওঁ৷ খাদ্যত অকণমান জ্বলা নহ’লে যেন তাৰ অলপো জুতিয়েই নাই৷ কিছুমানতো এনেকুৱা মানুহো আছে, যিয়ে ৰান্ধোতে পাঁচ-ছটা জলকীয়া দিয়াৰ উপৰি কেঁচায়ো চোবাই খায়৷ কিন্তু আজি আমি এনেকুৱা এবিধ জলকীয়াৰ বিষয়ে ক’ম, যাৰ বিষয়ে জনাৰ পাছত আপোনাৰ চকু কপালত উঠিব৷ বৈজ্ঞানিক মতে এই জলকীয়াবিধক বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়াৰ ভিতৰত স্থান দিয়া হৈছে৷ এইবিধ জলকীয়া ইমানেই জ্বলা যে ইয়াৰ সেৱনৰ ফলত আপোনাৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷

Dragon’s breath নামে পৰিচিত এইবিধ জলকীয়াক লৈ গৱেষকসকলে বিশ্বাস কৰিছে যে ইয়াৰ পৰা ওলোৱা তেল ইমানেই শক্তিশালী হয় যে ইয়াক মেডিকেল ট্ৰিটমেণ্টত এনাস্থেছিয়া হিচাপেও ব্যৱহাৰ কৰিব পাৰি৷ ইয়াত থকা জ্বলাৰ পৰিমাণ Scoville heat scale ত ২.৪৮ মিলিয়ন৷ বিশেষজ্ঞৰ মতে যিসকল লোকে এই Dragon’s breath বিধক চোবাবলৈ চেষ্টা কৰে, তেওঁলোকৰ anaphylatic shock-ত মৃত্যু হোৱাৰ সম্ভাৱনীয়তা অধিক হয়৷ ই ইমানেই শক্তিশালী হয় যে ইয়াৰ এটোপ capsaicin oilৰ জাৰ নোহোৱা কৰিবলৈ ২.৪৮ মিলিয়ন পানীৰ প্ৰয়োজন হয়৷ উল্লেখ্য যে Mike smith-এ নটিংহাম ইউনিভাৰ্ছিটিৰ এদল বৈজ্ঞানিকৰ সৈতে এই জলকীয়া উদ্ভাৱন কৰিছিল, যাক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো অন্তৰ্ভুক্ত কৰা হৈছিল৷ কিন্তু Pepper X নামৰ জলকীয়াবিধক আটাইতকৈ জ্বলা জলকীয়া বুুলি স্বীকৃতি দিয়া হৈছিল৷ যিহেতু ইয়াৰ জ্বলাৰ পৰিমাণ ৩.১৮ মিলিয়ন Scoville units

LEAVE A REPLY

Please enter your comment!
Please enter your name here