বিশ্বব্ৰহ্মাণ্ডত এক ছেকেণ্ড১২০টা কৃষ্ণ গহবৰ জন্ম

0
125


আমাৰ বিশ্বব্ৰহ্মাণ্ডখন অনন্ত ৰহস্যৰে পৰিপূৰ্ণ৷ গৱেষকসকলে বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কত নিতৌ নতুন নতুন তথ্যৰ যোগান ধৰি আহিছে৷ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যৰ বিষয়ে জনাত বহুত সহায় কৰিছে জেম্‌চ ৱেব মহাকাশ দূৰবীণ আৰু হাবল দূৰবীণে৷ বৈজ্ঞানিকসকলৰ মতে, চকুৰ পলকতে বিশ্ব ব্ৰহ্মাণ্ডত ইমানেই ঘটনা ঘটে যিবোৰ আমাৰ কল্পনাৰো অগোচৰ৷ বিশ্ব ব্ৰহ্মাণ্ডত প্ৰতি ছেকেণ্ডত প্ৰায় ১২০টা কৃষ্ণ গহ্বৰৰ জন্ম হয়, যাৰ ভিতৰত কমেও এটাই বিশাল আকাৰ ধাৰণ কৰে৷ ইয়াৰ লগতে প্ৰতি ছেকেণ্ডত মৃত্যু হয় ১২০০ তৰাৰ আৰু প্ৰায় ৬০,০০০ নতুন তৰাৰ জন্ম হয়৷ এটা ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি প্ৰতি ছেকেণ্ডত আমাৰ সূৰ্যই এক মিলিয়ন টন হাইড্ৰ’জেনৰ সমান শক্তি উৎপাদন কৰে৷ ইয়াৰ লগতে প্ৰতি ছেকেণ্ডত প্ৰায় দুহেজাৰ উল্কাপিণ্ড পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে৷ আমি থকা হাতীপতি তাৰকা ৰাজ্য প্ৰতি ছেকেণ্ডত ২১০ কিল’মিটাৰ বেগত ঘূৰি আছে আৰু চকুৰ পলকতে ৫০০ মিটাৰ আগবাঢ়ে৷ আমাৰ আটাইতকৈ ওচৰত থকা এন্দ্ৰ’মেডা তাৰকাৰাজ্যই প্ৰতি ছেকেণ্ডত গতি কৰে ৩০০ কিল’মিটাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here