বিশ্ববাসীক চীনৰ সতৰ্কবাণী : বিশ্বত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ

0
2195

সমগ্ৰ বিশ্বজুৰি পুনৰ কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে৷ এই লৈ বিশ্ববাসীৰ মাজত আতংকই বিৰাজ কৰিছে আৰু জনসাধাৰণ কৰ’নাৰ দ্বিতীয় ৱেভৰ সংক্ৰমণক লৈ ত্ৰস্তমান হৈ পৰিছে৷ কৰ’নাৰ ৰোধৰ উপায়ৰ অৰ্থে বিশ্বৰ বিজ্ঞানীমহল ব্যস্ত থকাৰ সময়তে পুনৰ ইয়াৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱালৈ চাই বিজ্ঞানীমহল চিন্তান্বিত হৈ পৰিছে৷ আনহাতে কৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনদেশে সমগ্ৰ বিশ্বকে সাৱধানবাণী শুনাইছে যে প্ৰথম পৰ্যায়তকৈও আৰু অধিক ভয়ংকৰ হ’ব কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ৷ চীনা বিশেষজ্ঞসকলে এইবুলি কৈছে যে ইউৰোপৰ দেশসমূহত দ্বিতীয় পৰ্যায়ৰ কৰ’নাৰ সংক্ৰমণ পূৰ্বতকৈ অধিক সংহাৰী হ’ব৷ তেওঁলোকে সতৰ্ক কৰি কয় যে শীতকাল নামি অহাৰ লগে লগে ইউৰোপিয়ান দেশবোৰকে ধৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহত কৰ’না ভাইৰাছে পূৰ্বতকৈ দুগুণ বেছিকৈহে তাণ্ডৱৰ সৃষ্টি কৰিব৷ উল্লেখ্য যে দেওবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় হয়গৈ ৪,৬৫,২৪,৭৩৭ ৷ ইয়াৰ বিপৰীতে মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১২,০২,৩৬৭ ৷ আনহাতে কভিড-১৯-অৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ফ্ৰান্সত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন৷ ইংলেণ্ডত বৃহস্পতিবাৰৰ পৰা মাহজোৰা লকডাউন-২ ঘোষণা কৰিছে৷ কৰ’নাৰ সংক্ৰমণ পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী বৰিছ জনছনে সমগ্ৰ দেশখনত এমাহৰ বাবে লকডাউন-২ ঘোষণা কৰে৷ একেদৰে ইটালি চৰকাৰেও দেশখনত নাইট ক্লাব, ডেন্স বাৰ আদিকে ধৰি নিশাৰ ভাগত হোৱা সকলোধৰণৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান নিষিদ্ধ কৰিছে৷ স্পেইন চৰকাৰেও মাদ্ৰিদ চহৰত আংশিক লকডাউন ঘোষণা কৰিছে৷ ভাৰতত দিল্লীৰ পৰিস্থিতি ক্ৰমাৎ জটিল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীস্থিত এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই শীতকালত অধিক ভয়াৱহ ৰূপত কৰ’নাৰ সংক্ৰমণ হ’ব বুলি আশংকা ব্যক্ত কৰিছে আৰু ইয়াৰ বাবে সতৰ্ক হ’বলৈ আহ্বান জনাইছে; লগতে সমগ্ৰ দেশতে কৰ’নাৰ দ্বিতীয়টো ঢৌ ভয়ংকৰ হ’ব বুলিও সকীয়াই দিয়ে৷ উল্লেখ্য যে কৰ’নাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট চৰকাৰে ত্ৰিছ নৱেম্বৰপৰ্যন্ত লকডাউন বৃদ্ধি কৰিছে৷ আনহাতে মণিপুৰ চৰকাৰেও লকডাউন ঘোষণাৰ বাবে অনুমতি বিচাৰি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু কেন্দ্ৰৰ অনুমতিলৈ বাট নাচাই কেইবাখনো জিলাত স্থানীয় লকডাউন ঘোষণা কৰিছে৷ মিজোৰাম চৰকাৰেও আইজলত লকডাউন ঘোষণা কৰিছে৷ উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে৷ সেয়ে কৰ’না ভাইৰাছক ৰোধৰ বাবে আমি পূৰ্বতকৈও অধিক সাৱধান তথা সতৰ্ক হোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here