বিশ্বত মানুহৰ দেহলৈ প্ৰথম বাৰ্ড ফ্লুৰ সংক্ৰমণ

0
2082


ৰাছিয়াত বাৰ্ড ফ্লুৰ এটা ৰূপ চৰাইৰ পৰা মানুহৰ দেহলৈ সংক্ৰমণ হৈছে আৰু মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ বিশ্বত এয়ে প্ৰথম৷ ‘A’ বুলি নামকৰণ কৰা চমুকৈ H5N8 ভাইৰাছটো ৰাছিয়াৰ এখন কুকুৰা পামৰ সাতজন কৰ্মীৰ দেহলৈ সংক্ৰমণ হৈছে আৰু তেওঁলোকক আছুতীয়াকৈ ৰখা হৈছে৷ বিষয়টো ৰাছিয়াই বিশ্ব স্বাস্থ্য সংগঠনক জনাইছে৷ উপভোক্তাসকলৰ স্বাস্থ্যৰ বিষয়বোৰত চকু ৰখা ‘ৰথপট্ৰেব্‌নাডজৰ’ নামৰ সংগঠনটোৰ মুৰব্বী আন্না পোপোভাই এই কথা কয়৷ বাৰ্ড ফ্লুৰ নতুন ৰূপটোৰ প্ৰাদুৰ্ভাৱ [H5N8] সাম্প্ৰতিক মাহবোৰত ৰাছিয়া, ইউৰোপ, চীন, মধ্য প্ৰাচ্য আৰু উত্তৰ আমেৰিকাত হোৱা বুলি খবৰ পোৱা গৈছে৷ কিন্তু এইপৰ্যন্ত কেৱল পল্ট্ৰিতে সীমাবদ্ধ হৈ আছে৷ ৰাছিয়াৰ বাৰ্ড ফ্লুৰ নতুন ৰূপটো চৰাইৰ পৰা মানুহলৈ সংক্ৰমণ হৈছে যদিও মানুহৰ পৰা মানুহলৈ সংক্ৰমণ এতিয়ালৈকে হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here