বিশ্বত চাহিদা অনুপাতে অক্সিজেনৰ অভাৱ

0
1348

কৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্বত সৃষ্টি কৰা ভয়াৱহ দিশটোৰ ছবিখন বৰ্তমান সময়ত পোহৰলৈ আহিছে৷ এই ভাইৰাছৰ সংক্ৰমণ হোৱা বৃহৎসংখ্যক ৰোগীক অক্সিজেন দিয়াৰ প্ৰয়োজন হৈছে, কিন্তু বিশ্বত চাহিদা অনুপাতে অক্সিজেনৰ অভাৱ হৈছে৷ ফলত ভাৰতৰ উপৰি মেক্সিকো আৰু ব্ৰাজিলৰ দৰে দেশত এতিয়া অক্সিজেনৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে বিশ্বৰ ভালেমান দেশত অক্সিজেন উৎপাদনৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰো অভাৱ৷ ফলত এতিয়া দুখীয়া দেশবোৰৰ লগতে দুৰ্গম অঞ্চলত বাস কৰা লোকসকলে এতিয়া অক্সিজেন টেংকাৰৰ দৰে ব্যয়বহুল বিকল্পৰ সহায় ল’বলগীয়া হৈছে৷ ভাইৰাছৰ সংক্ৰমণৰ সময়ত অক্সিজেনৰ যোগানক কোনো চৰকাৰে গুৰুত্ব দিয়া নাছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে সংস্থায়ো স্বীকাৰ কৰিছে যে অক্সিজেনৰ যোগানত কোনেও গুৰুত্ব দিয়া নাছিল৷ ভালেমান দেশত অক্সিজেন যোগানৰ বাবে টেংকাৰৰো অভাৱ আছিল৷ অক্সিজেনৰ অভাৱত কেইবাখনো দেশত বৃহৎসংখ্যক লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ অক্সিজেনৰ নাটনিৰ সংকটৰ মোকাবিলা কৰিবলৈ এক টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ বিশ্বত মেডিকেল অক্সিজেনৰ নাটনি যোৱা দুমাহত প্ৰতিদিনে ৯০ লাখ ঘন মিটাৰৰ পৰা বৃদ্ধি পাই ২ কোটি ৮০ লাখ ঘনমিটাৰ হৈছে৷ আন কথাত দুমাহত চাহিদা তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে৷ ইয়াৰে আধাখিনিৰ নাটনি হৈছে ভাৰতত৷ বিশেষজ্ঞসকলে এই বুলি সতৰ্ক কৰি দিয়ে যে ভাৰতৰ দৰে সংকট বিশ্বৰ আন দেশতো হ’ব পাৰে৷ তেওঁলোকে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰি ৰোগীক দিব পৰা প্ৰকল্প চিকিৎসালয়ত স্থাপনৰ পক্ষে মত পোষণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here