বিশেষজ্ঞৰ মত : ডেল্টা প্লাছে সৃষ্টি কৰিব নতুন প্ৰত্যাহ্বান

0
1130
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে দেশত কৰ’না ভাইৰাছৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা ২২জন ৰোগী বৰ্তমান ভাৰতত ধৰা পৰিছে৷ এই ৰোগীকেইজন মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশত চিনাক্ত কৰা হয়৷ ভাৰতত এই ভেৰিয়েণ্টক ‘Variant of concern’ বুলি ঘোষণা কৰা হৈছে৷  ভাৰতকে ধৰি বিশ্বৰ ৮০খন দেশত এই ভেৰিয়েণ্ট পোৱা বুলি ভূষণে কয়৷ ভাৰতত কৰ’নাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে তৃতীয় ঢৌৰ সৃষ্টি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে৷ স্বাস্থ্য সচিবে কয় যে ভাৰতত বৰ্তমান টিকাকৰণ কৰি থকা কভিশ্বিল্ড আৰু কভেক্সিন ডেল্টা ভেৰিয়েণ্টৰ বিৰুদ্ধে কাৰ্যকৰী৷ উল্লেখ্য যে জিনম ছিকুৱেন্সিঙৰ জৰিয়তে এই ভেৰিয়েণ্টৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে চৰকাৰে৷ কৰ’নাৰ ডেল্টা প্লাছ ৰূপ অতি সংক্ৰমক বুলি কোৱা হৈছে৷ দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ বায়’টেকন’লজি বিভাগৰ সহকাৰী অধ্যাপক ডাঃ শুভ্ৰদীপ কৰ্মকাৰে কয় যে ডেল্টা প্লাছ ভেৰিয়েণ্টে কি ৰূপ দেখুৱাই সেইটো এতিয়াই ক’ব নোৱাৰি৷ তেওঁৰ মতে, ডেল্টা প্লাছত এটা অতিৰিক্ত মিউটেণ্ট k417N আছে যি ডেল্টালৈ B.1.617.2-লৈ সলনি হৈছিল৷ এতিয়া ই ডেল্টা প্লাছলৈ সলনি হৈছে৷ এই ভেৰিয়েণ্ট অধিক সংক্ৰামক বুলি কোৱা হৈছে৷ অৱশ্যে ডাঃ কৰ্মকাৰৰ মতে, এই ভেৰিয়েণ্টক লৈ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ভাৰতত এতিয়াও ইয়াৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা তাকৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here