বিশেষজ্ঞৰ মত : কভিড-১৯ ঘাইকৈ বতাহৰ যোগেদি বিয়পে

0
1485

কভিড-১৯ মহামাৰীৰ আঁৰৰ [SARS-Cov-২] ভাইৰাছ প্ৰধানতঃ বতাহৰ যোগেদি বিয়পে

কৰ’না ভাইৰাছ কিধৰণে বিয়পে, তাক লৈ বিভিন্ন বিজ্ঞানীৰ দলে নানান পৰীক্ষা-নিৰীক্ষা চলাইছে আৰু ভাইৰাছবিধ বিয়পাৰ বিভিন্ন উৎসৰ ব্যাখ্যা আগবঢ়াইছে৷ শেহতীয়াকৈ এদল বিজ্ঞানীৰ পৰীক্ষাৰ অন্তত এক নতুন তথ্য লাভ কৰা গৈছে৷ কভিড-১৯ মহামাৰীৰ আঁৰৰ এছ এ আৰ এছ-কভ-২ (SARS-Cov-২) ভাইৰাছ প্ৰধানতঃ বতাহৰ যোগেদি বিয়পাৰ সবল প্ৰমাণ আছে৷ যোৱা ১৬ এপ্ৰিলত ‘লেন্‌চেট’( LANCET) নামৰ আলোচনীখনত প্ৰকাশিত এটা নতুন মূল্যায়নত এই কথা কোৱা হৈছে৷ ইউ কে, আমেৰিকা আৰু কানাডাৰ ছজন বিশেষজ্ঞই কৰা বিশ্লেষণ মতে, ভাইৰাছটো নিয়ন্ত্ৰণৰ বাবে লোৱা জনস্বাস্থ্য ব্যৱস্থাসমূহ ব্যৰ্থ হোৱাৰ কাৰণ হ’ল ভাইৰাছটো ঘাইকৈ বায়ুত ভাহি থাকে৷ ফলত জনসাধাৰণ অসুৰক্ষিত হৈ পৰে আৰু ভাইৰাছটো বিয়পি পৰে৷ আমেৰিকাৰ ইউনিভাৰ্ছিটি অব্‌ কলৰাডোৰ জ’ছ-লুইছ জিমেনেজে কয় যে বিশ্ব স্বাস্থ্য সংগঠন আৰু আন জনস্বাস্থ্য সংস্থাসমূহে ভাইৰাছটো বিয়পা সন্দৰ্ভত তেওঁলোকৰ বিৱৰণ বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত দিয়াটো জৰুৰী, যাতে বায়ুৰ যোগেদি বিয়পাটো হ্ৰাস কৰাত গুৰুত্ব দিব পাৰি৷ বিশেষজ্ঞসকলে কয় যে এছ এ আৰ এছ-কভ-২ ভাইৰাছৰ সংক্ৰমণৰ হাৰ ঘৰৰ বাহিৰতকৈ ঘৰৰ ভিতৰত বহুত বেছি আৰু ঘৰৰ ভিতৰত বতাহ চলাচলৰ ভাল ব্যৱস্থা থাকিলে সংক্ৰমণ যথেষ্ট হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here