বিল গেট্‌ছৰ ভৱিষ্যদ্বাণী : পাঁচ বছৰত এ আয়ে মানুহৰ জীৱন সলনি কৰিব

0
136


কৃত্ৰিম বুদ্ধিমত্তা বা এ আই প্ৰযুক্তিক লৈ সকলো সময়তে ইতিবাচক দৃষ্টিভংগী পোষণ কৰিছে বিল গেট্‌ছে৷ বিল গেট্‌ছ উল্লেখ কৰা মতে কৃত্ৰিম বুদ্ধিমত্তাই অনাগত পাঁচ বছৰত মানুহৰ জীৱনলৈ সাংঘাতিক পৰিৱৰ্তন আনিব৷ এ আয়ে সলনি কৰিব মানুহ জীৱন৷ সম্প্ৰতি চি এন এল কেৰ সৈতে এক সাক্ষাৎকাৰত এই ভৱিষ্যদ্বাণী কৰে গেটছে৷ এ আই প্ৰযুক্তিৰ উত্থানৰ কাৰণে বিশ্বজুৰি লাখ লাখ মানুহৰ চাকৰি হেৰুৱাৰ ভীতিৰ সৃষ্টি হৈছে৷ চলিত সপ্তাহত আন্তৰ্জাতিক মুদ্ৰা তহবিলে এক প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ এ আই বিশ্বৰ ৪০ শতাংশ চাকৰিৰ ওপৰত প্ৰভাৱ পেলাইছে৷ এই পৰিস্থিতিত স্বীকৃতি দিও বিল গেটছে ভাবে যে ঐতিহাসিকভাৱে প্ৰতিটো নতুন প্ৰযুক্তিয়ে নতুন ভয়-ভীতিত সৃষ্টি কৰে৷ তথাপি এই ক্ষেত্ৰত নতুন সুযোগৰো সুবিধা থাকে৷ কৃষি প্ৰযুক্তিৰ উত্থানৰ উদাহৰণ দাঙি ধৰি গেটছে কয় যে ১৯০০ চনত কৃষি উৎপাদনশীলতা বঢ়াত বহুতেই ভাবিছিল এতিয়া কি হ’ব৷ বাস্তৱিকতে তেতিয়া আৰু অধিক চাকৰিৰ ক্ষেত্ৰত প্ৰস্তুত হৈছিল৷ সকলো যেতিয়া কাম কৰিব কৰ্মমুখী হ’ব মানুহৰ অৱস্থাৰো উন্নতি ঘটিব৷ বিলিয়নাৰগৰাকীয়ে লগতে মন্তব্য কৰে যে এ আয়ে মানুহৰ জীৱনক সহজ কৰিব৷ বিশেষকৈ ডাক্তৰৰ লেখা কৰ্মত সহায় কৰিব৷ এ আইৰ ব্যৱহাৰৰ যোগে এই কাম সহজ হৈ উঠিব৷ এ আই ব্যৱহাৰৰ বাবে অতিৰিক্ত নতুন কোনো হাৰ্ডৱেৰৰ প্ৰয়োজন নহ’ব৷ ইণ্টাৰনেট সংযোগসহ নিজৰ ফোন বা কম্পিউটাৰৰ কাৰণেও এই কাম সহজে কৰিব পৰা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here