বিনামূলীয়া প্ৰতিষেধক ৩০০ টকাত বিক্ৰী: ক’ত?

0
1613

চিকিৎসকগৰাকীয়ে অন্য এলেকাৰ আৰু পোন্ধৰজন লোকক টকাৰ বিনিময়ত অবৈধভাৱে ভেক্‌চিন বিক্ৰী কৰি আহিছে৷

যি সময়ত দেশত কৰ’নাৰ ভেকচিনৰ নাটনিৰ বাবে কিছু কিছু ৰাজ্যত কৰ’না প্ৰতিষেধকৰ তৃতীয় পৰ্যায় সময়মতে আৰম্ভ কৰিব পৰা নাই, যি সময়ত এতিয়াও বহু লোকে শ্লটৰ অভাৱত বহু লোকে ভেকচিনৰ বাবে বঞ্চিত হ’বলগীয়া হৈছে, তেনে সময়তে কৰ’নাৰ বিনামূলীয়া প্ৰতিষেধক তিনিশ টকাত বিক্ৰী কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনা সংঘটিত হৈছে মণিপুৰত৷ মণিপুৰৰ এজন চিকিৎসকৰ  এই কাণ্ডৰ কথা শুনিলে হয়তো আপোনাৰো চকু কপালত উঠিব৷ প্ৰশাসনে জনোৱা মতে ইয়াইৰিপক শৈৰম স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বপ্ৰাপ্ত চিকিৎসক আথুক পাক ৰাজনে কৰ’নাৰ বিনামূলীয়া প্ৰতিষেধক জনেপ্ৰতি তিনিশ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ পুলিচ আৰু স্থানীয় সংগঠনৰ সদস্যই যেতিয়া চিকিৎসকগৰাকীৰ ঘৰত উপস্থিত হয়, তেতিয়া তেওঁলোকে চিকিৎসকগৰাকীক হাতে-লোটে ধৰা পেলায়৷ তাত উপস্থিত হৈ তেওঁলোকে জানিব পাৰে যে চিকিৎসকগৰাকীয়ে অন্য এলেকাৰ আৰু পোন্ধৰজন লোকক টকাৰ বিনিময়ত অবৈধভাৱে ভেক্‌চিন বিক্ৰী কৰি আহিছে৷ সম্প্ৰতি চিকিৎসকজনৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here