বিণৰ ঔষধি গুণৰবিষয়ে জানো আহক

0
204


শীতকালত সহজলভ্য পাচলিবোৰৰ ভিতৰত বিন অন্যতম৷ শীতকালত মানুহে অধিক পচন্দ কৰা পাচলিসমূহ ভিতৰত বিনো আছে৷ বিন কেৱল পাচলিয়েই নহয়, ইয়াত ভালেমান পোষক দ্ৰব্য থকাৰ লগতে ঔষধি গুণো আছে৷ আন কথাত বিন খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে লাভদায়ক৷ বিনত লো, তাম, মেগনেচিয়াম, ফচফৰাছ, প্ৰ’টিন তথা কেলচিয়ামৰ দৰে উপাদান পোৱা যায়৷ আনহাতে আয়ুৰ্বেদ শাস্ত্ৰমতে শীতকালত বিন খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ ইয়াৰ লগতে শৰীৰৰ বেয়া কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰাত বিনে অৰিহণা যোগায়৷ বিন আমাৰ ছালৰ সুৰক্ষাৰ বাবে অত্যন্ত উপকাৰী৷ বিনত ভিটামিন-বি৬, থিয়ামিন, পেন্থেনিক এচিড আৰু নিয়াচিন পোৱা যায়৷ এইবোৰ প্ৰতিবিধ উপদানে আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰে আৰু শৰীৰৰ বাবে অতি প্ৰয়োজনীয়৷ শৰীৰৰ মেদ কমোৱাত বিনে সহায় কৰে৷ হাড়ৰ সুস্থতা তথা মজবুত কৰি ৰাখিবলৈ বিন খোৱা প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here