বিজ্ঞানীৰ সফলতা : অণুৱে নষ্ট কৰিব কেঞ্চাৰৰ কোষ

0
119


কেঞ্চাৰৰ চিকিৎসাৰ দিশত এক বৃহৎ সফলতা লাভ কৰিছে বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ উল্লেখ্য যে বৰ্তমান সময়ত কেঞ্চাৰত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হয়৷ প্ৰতিবছৰে কেঞ্চাৰত মৃত্যু হোৱাৰ লোকৰ সংখ্য লাখৰ ঘৰ অতিক্ৰম কৰিছে৷ বিজ্ঞানীসকলে কেঞ্চাৰ ৰোগৰ সফল চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ গৱেষণা অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে বিজ্ঞানীসকলে এই দিশত এতিয়া সফলতা লাভ কৰা বুলি দাবী কৰিছে৷ এই অভূতপূৰ্ব গৱেষণাত বিজ্ঞানীসকলে এনেকুৱা এবিধ প্ৰণালীৰ বিকাশ কৰিছে, য’ত পোহৰৰ ৰশ্মিৰ জৰিয়তে কিছুমান অণুৰ কম্পন সৃষ্টি কেঞ্চাৰৰ কোষবোৰ নষ্ট কৰিব পৰা যাব৷ গৱেষকসকলে পৰীক্ষামূলকভাৱে এই প্ৰণালী ব্যৱহাৰ কৰি সফলতা লাভ কৰা বুলি দাবী কৰিছে৷ নেচাৰ কেমেষ্ট্ৰিত এই অধ্যয়নটোৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি মেজিকেল ইমেইজিঙৰ ক্ষেত্ৰত সৰু ডাই অণুৰ কম্পনে প্লাজমনৰ সৃষ্টি কৰে৷ যেতিয়া এই প্লাজমনত নিয়েৰ ইনফ্ৰাৰেড ৰশ্মি পেলোৱা হয়, তেতিয়া কেঞ্চাৰৰ কোষবোৰৰ কোষাবৰণ ভাঙি যায়৷ গৱেষকসকলে মানুহৰ মেলান’মা কোষত এই প্ৰণালী পৰীক্ষা কৰি ৯৯ শতাংশ সফলতা লাভ কৰিছে৷ নিগনিৰ লৈ কৰা পৰীক্ষাটোত নিগনিত এই প্ৰণালীৰ পৰীক্ষাটো সম্পূৰ্ণ সফলতা লাভ কৰা বুলি দাবী কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here