বিজ্ঞানীৰ মত : শনিৰ উপগ্ৰহ মিমাছত জীৱ থাকিব পাৰে

0
167


শনি গ্ৰহৰ আন এটা উপগ্ৰহত পানী থাকিব পাৰে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ এই উপগ্ৰহটোত উ{¨াপিণ্ড বা মহাকাশৰ পৰা অহা কোনো পিণ্ডৰ খুন্দাত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত দেখা পোৱা গৈছে৷ এই গাঁতত জীৱ থকাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে৷ উল্লেখ্য যে শেহতীয়াকৈ আৱিষ্কাৰ কৰা শনিৰ উপগ্ৰহ মিমাছত জীৱ থাকিব পাৰে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷ ২৫০ মাইল ব্যাসৰ মিমাছ বৰফাবৃত্ত এটা গোলক৷ ইয়াৰ পৃষ্ঠভাগৰ তলত পানীৰ সাগৰ থকা বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷ উক্ত গাঁতৰ তলত কেইবামাইল বিস্তাৰিত হৈ আছে এই সাগৰ৷ বিজ্ঞানীসকলৰ মতে, মিমাছৰ পৃষ্ঠভাগ দেখিলে ইয়াৰ তলত সাগৰ থকা বুলি বিশ্বাসেই কৰিব নোৱাৰি৷ জ্যোতিৰ্বিদসকলে এই বুলি মত প্ৰকাশ কৰে যে উপগ্ৰহটোৰ ভিতৰ ভাগত থকা মহাসাগৰে ইয়াৰ বাহিৰৰ খোলাটোক পৃষ্ঠভাগৰ পৰা পৃথক কৰাত সহায় কৰে আৰু পাছত ই বৰফৰ এক আৱৰণ হৈ পৰে৷ নাছাৰ কেচিনি যানখনে প্ৰেৰণ কৰা ফটো বিশ্লেষণ কৰি গৱেষকসকলে এই মত পোষণ কৰে৷ ইয়াৰ পৰা তেওঁলোকে জানিব পৰা মতে, মিমাছৰ পৃষ্ঠভাগৰ তলত মহাসাগৰ আছে৷ উপগ্ৰহটোৰ ১৫ মাইল ডাঠ বৰফৰ আৱৰণৰ তলত ৪৫ মাইল গভীৰ মহাসাগৰ আছে আৰু মহাসাগৰৰ উপৰ অংশৰ তাপমাত্ৰা প্ৰায় ১০০ ডিগ্ৰী চেলচিয়াছ৷ বিজ্ঞানীসকলে লগতে এই বুলিও কয় যে উপগ্ৰহটোৰ মহাসাগৰৰ ওপৰৰ অংশৰ তাপমাত্ৰাত জীৱ থকাৰ সম্ভাৱনা অগ্ৰাহ্য কৰিব নোৱাৰি৷ ইয়াৰ লগতে যদিহে এই মহাসাগৰ কেইকোটিমান বছৰ পুৰণি তেতিয়া তাত জীৱ থকাৰ সম্ভাৱনা প্ৰায় নাই, কিন্তু আঢ়ৈ কোটি বছৰতকৈ অধিক পুৰণা হ’লে তাত জীৱ থকাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here